প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থঃ দিছপুৰ হাস্পতালৰ ভেণ্টিলেচনত ভৰ্তি...

প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থঃ দিছপুৰ হাস্পতালৰ ভেণ্টিলেচনত ভৰ্তি...

author-image
Asomiya Pratidin
New Update
প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থঃ দিছপুৰ হাস্পতালৰ ভেণ্টিলেচনত ভৰ্তি...

প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থঃ দিছপুৰ হাস্পতালৰ ভেণ্টিলেচনত ভৰ্তি...

ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা, প্ৰবীণ পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ। বুধবাৰে পুৱা তেওঁক দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বৰ্তমান ভেণ্টিলেচনত ৰখোৱা হৈছে প্ৰবীণ অভিনেতাগৰাকীক।

উল্লেখযোগ্য যে, অসমীয়া চলচ্চিত্ৰ জগতৰ এক পুৰোধা নাম কুলদা কুমাৰ ভট্টাচাৰ্য। ১৯৩৩ চনত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী। বহু কেইখন জনপ্ৰিয় অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাটত অভিনয় কৰিছিল তেওঁ। তাৰ ভিতৰত বিশেষ ভাৱে চৰ্চিত 'পৰশুৰাম'।

লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত ভট্টাচাৰ্য অন্যতম। ১৯৬০ চনৰ মাজভাগত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰিছিল তেওঁ।

এগৰাকী সফল আবৃত্তিকাৰ হিচাপেও পৰিচিত ভট্টাচাৰ্য ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান চমুকৈ জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠাক সঞ্চালক। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল।

Also Read: এইমছ, গুৱাহাটীত কেইবাটাও নতুন প্ৰকল্প ভাৰ্ছুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ...

কুলদা কুমাৰ ভট্টাচাৰ্য