ডিজিটেল সংবাদ গুৱাহাটীঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উদ্দেশ্যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শসমূহৰ ভিতৰত ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ লোৱা যুগান্তকাৰী পদক্ষেপৰ বাবে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অসম গণ পৰিষদৰ তৰফৰপৰা আনুষ্ঠানিকভাৱে কৃতজ্ঞতা তথা অভিনন্দন জ্ঞাপন কৰা হয়৷
অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।
দলটোৰ ফালৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰা অগপৰ সৰ্বস্তৰৰ নেতা-কৰ্মী এতিয়া অতিকৈ সুখী আৰু উৎসাহিত বুলি দলটোৱে অৱগত কৰে।মুখ্যমন্ত্ৰী ড০ শৰ্মা বলিষ্ঠ নেতৃত্বত পৰিচালিত চৰকাৰখনত অগপ অংশীদাৰ হৈ থকাৰ সময়তে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কাম হাতে-কামে আগবঢ়াত অগপ দল গৌৰৱান্বিত বুলিও উল্লেখ কৰে অগপৰ সভাপতি অতুল বৰাই৷
The Govt of Assam's decision to implement the Justice (Retd) Biplab Kumar Sarma Committee's recommendations on Clause 6 of the Assam Accord has been a historic resolution.
I, along with Hon'ble AGP Working President Shri @keshab_mahanta and several party colleagues, called on… pic.twitter.com/oGRVFO23cP— Atul Bora (@ATULBORA2) September 26, 2024
Also Read: বাংলাদেশত এইবাৰ ৩২,৬৬৬ খন পূজা মণ্ডপঃ হাছিনা চৰকাৰ তুলনাত বৃদ্ধি চৰকাৰী সাহায্যও...