তৈল খেজুৰৰ খেতিত গুৰুত্ব কৃষি বিভাগৰঃ পৰামৰ্শমূলক কৰ্মশালাৰ পৰ্যালোচনা সভা সম্পন্ন...

হোটেল ৰেডিছন ব্লুত মাল্টী ষ্টেকহোল্ডাৰৰ পৰামৰ্শমূলক কৰ্মশালা
তৈল খেজুৰৰ খেতিত গুৰুত্ব কৃষি বিভাগৰঃ পৰামৰ্শমূলক কৰ্মশালাৰ পৰ্যালোচনা সভা সম্পন্ন...
তৈল খেজুৰৰ খেতিত গুৰুত্ব কৃষি বিভাগৰঃ পৰামৰ্শমূলক কৰ্মশালাৰ পৰ্যালোচনা সভা সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ 'ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযান' (NMEO-OP)ৰ অধীনত বহনক্ষম তৈল খেজুৰৰ খেতি সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মাল্টী ষ্টেক হোল্ডাৰৰ পৰামৰ্শমূলক কৰ্মশালাৰ আজি পৰ্যালোচনা সভা গুৱাহাটীত অনুষ্ঠিত হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত পৰ্যালোচনা সভাখন ভাৰত চৰকাৰৰ কৃষি আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব অজিত কুমাৰ চাহুৱে সঞ্চালনা কৰে।

তৈল খেজুৰৰ সহ আয়ুক্ত ৰণবীৰ সিং, ত্ৰিপুৰাৰ বিধায়ক তথা TFDPC ৰ অধ্যক্ষ প্ৰমোদ ৰিয়াং, মিজোৰামৰ কৃষি আৰু পৰিয়াল কল্যাণৰ বিশেষ সচিব ৰামডিনলিয়ানী, অসম চৰকাৰৰ কৃষি সঞ্চালক ভাস্কৰ পেগু প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে অৰুণাচল প্ৰদেশ, মিজোৰাম, অন্ধ্ৰপ্ৰদেশৰ লগতে অসমৰ অৰ্ধশতাধিক কৃষকে আজিৰ সভাত তৈল খেজুৰৰ খেতি সন্দৰ্ভত আলোচনা কৰে।

ইয়াৰ লগতে প্ৰায় ৪০ টা বিভিন্ন খণ্ডৰ উদ্যোগৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধিয়ে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি কৃষকৰ সৈতে তৈল খেজুৰৰ খেতিৰ প্ৰয়োজনীয়তা, ইযাৰ লাভালাভ ইত্যাদি বিভিন্ন দিশ আলোচনা কৰে। বিশেষকৈ তৈল খেজুৰৰ খেতিত ইতিমধ্যে আগবাঢ়ি যোৱা অন্ধ্ৰপ্ৰদেশৰ কৃষকক আলোচনাত লগ পাই অংশগ্ৰহণকাৰীসকল উৎফুল্লিত হয়।

উল্লেখনীয় যে এই কৰ্মশালাখনে অসমত তৈল খেজুৰৰ খেতিত যোগাত্মক প্ৰভাৱ পেলাব বুলি সংশ্লিষ্টমহলে আশা প্ৰকাশ কৰিছে।

তৈল খেজুৰৰ খেতিত গুৰুত্ব কৃষি বিভাগৰঃ পৰামৰ্শমূলক কৰ্মশালাৰ পৰ্যালোচনা সভা সম্পন্ন...
মানকাচাৰ,গোৱালপাৰা, ডিব্ৰুগড়ত আপৰ সম্পৰ্ক যাত্ৰাঃ ধানোৱাৰক বিপুল আদৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in