ভোগালী বিহুৰ দিনাই ৰাজ্যবাসীৰ বাবে মুকলি 'আইদেউ' ছবিগৃহ

চলি আছে আৰু ৫টা ছবিগৃহৰ নিৰ্মাণকাৰ্য্য। 'অসমীয়া ছবি মুক্তি পোৱা মানেই সফলতাৰ আন এক উদাহৰণ। ছবিক কেতিয়াও ৰাজনৈতিক দৃষ্টিভংগীৰে চাব নালাগে' : মুখ্যমন্ত্ৰী ড০ শৰ্মা

author-image
Asomiya Pratidin
New Update
ভোগালী বিহুৰ দিনাই ৰাজ্যবাসীৰ বাবে মুকলি 'আইদেউ' ছবিগৃহ

ডিজিটেল ডেস্ক : ভোগালী বিহুৰ দোমাহীৰ দিনাই ৰাজ্যত মুকলি কৰা হ'ল এটি নতুন ছবিগৃহ। অসম ৰাজ্যিক চলচ্চিত্র বিত্ত উন্নয়ন নিগমৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে ছবিগৃহটি।

সোমবাৰে গুৱাহাটী মহানগৰীস্থিত পাঞ্জাবাৰীৰ জোনাকী কমপ্লেক্সত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শুভ উদ্বোধন কৰা হয় ছবিগৃহটিৰ। নতুন কৈ মুকলি কৰা ছবিগৃহটিৰ নাম 'আইদেউ।' এই ছবিগৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে আইদেউ ছবিগৃহটিত নতুন অসমীয়া চলচ্চিত্ৰ 'অনুৰণ'ৰ শুভমুক্তি দিয়া হয়। ছবিগৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ৰাজ্যত নিগমৰ উদ্যোগত ৫টা ছবিগৃহ নিৰ্মাণৰ কাম চলি আছে। সমান্তৰালকৈ আৰু ৯টা পুৰণি ছবিগৃহৰ কাম চলি থকাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

'অসমীয়া ছবি মুক্তি পোৱা মানেই সফলতাৰ আন এক উদাহৰণ। ছবিক কেতিয়াও ৰাজনৈতিক দৃষ্টিভংগীৰে চাব নালাগে।' বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰি সাংসদ তথা সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটা, অসম ৰাজ্যিক চলচ্চিত্র বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰৰ লগতে আন আন লোকসকল উপস্থিত থাকে।

Also Read: ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনালে সুকণ্ঠী গায়িকা আশা ভোচলেক

himanta biswa sarma Assamese Cinema pabitra margherita Cinema Hall Simanta Sekhar AIDEU