ডিজিটেল ডেস্ক : অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অহা ৮ আগষ্ট বৃহস্পতিবাৰে আৰু কেন্দ্ৰীয় প্ৰতিনিধি সভা ৯ আগষ্ট শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব ৷ বিগত লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন জিলাত দলৰ সাংগঠনিক স্থিতি, আসন্ন উপ-নিৰ্বাচন আৰু তৎ-পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰসংগত এই সভা দুখন অতি গুৰুত্বপূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে দলটোৰ নেতৃত্বই ৷
নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৮ আগষ্টত পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ৬ বজালৈ চলিব ৷ আনহাতে ৯ আগষ্টৰ প্ৰতিনিধি সভাখনো পুৱা ১০ বজাত আৰম্ভ হ'ব ৷
উক্ত সভাত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে দলৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিৰ সভাপতি আৰু সম্পাদক তথা প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷
Also Read: মানুহৰ কাষত মানুহ