ছাত্রীৰ মৃত্যু ঘটনাঃ আদালতত হাজিৰ কৰোৱা হ'ব এ কে কনষ্ট্ৰাৰচনৰ দুই কৰ্মচাৰীক, এজন পলাতক

গণেশগুৰিত ছাত্রীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সোমবাৰে আদালতত হাজিৰ কৰোৱা হ’ব এ কে কনষ্ট্রাকচনৰ দুই কৰ্মচাৰীক।

author-image
Asomiya Pratidin
New Update
ছাত্রীৰ মৃত্যু ঘটনাঃ আদালতত হাজিৰ কৰোৱা হ'ব এ কে কনষ্ট্ৰাৰচনৰ দুই কৰ্মচাৰীক, এজন পলাতক

ছাত্রীৰ মৃত্যু ঘটনাঃ আদালতত হাজিৰ কৰোৱা হ'ব এ কে কনষ্ট্ৰাৰচনৰ দুই কৰ্মচাৰীক, এজন পলাতক

ডিজিটেল ডেস্কঃ গণেশগুৰিত ছাত্রীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সোমবাৰে আদালতত হাজিৰ কৰোৱা হ’ব এ কে কনষ্ট্রাকচনৰ দুই কৰ্মচাৰীক। হাজিৰ কৰোৱা হ’ব অভিযন্তা বলজিৎ হাৰিক আৰু ঠিকাদাৰ পাৰিজাত শইকীয়াক।

দুয়োজনে ক্রমে ৩দিন আৰু ২দিনৰ আৰক্ষী জিম্মাত আছিল। দিছপুৰ আৰক্ষীয়ে দুয়োজনকে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। বৰ্তমানেও পলাতক মূল অভিযুক্ত এম ভি ৰাও । এ কে কনষ্ট্রাকচনৰ স্বত্বাধিকাৰী এম ভি ৰাও।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে গনেশগুৰিত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজপথত খান্দি থোৱা এটা গাঁতৰ বাবে প্ৰাণ গৈছিল এগৰাকী প্ৰিয়া কুমাৰী নামৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ। তাৰপাছতে একে কনষ্ট্ৰাকচনৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Also Read: মোডী প্ৰেম! আমেৰিকাৰ ৰেষ্টুৰেন্টত 'মোডী জী থালি'

Assam police