অল ইণ্ডিয়া ইণ্ডিয়ান পাব্লিক স্কুলছ কনফাৰেন্স ভলীবল প্ৰতিযোগিতা সম্পন্ন

অল ইণ্ডিয়া ইণ্ডিয়ান পাব্লিক স্কুলছ কনফাৰেন্স ভলীবল প্ৰতিযোগিতা সম্পন্ন
অল ইণ্ডিয়া ইণ্ডিয়ান পাব্লিক স্কুলছ কনফাৰেন্স ভলীবল প্ৰতিযোগিতা সম্পন্ন
Published on
Updated on

ডিজিটেল ডেস্কঃ অনুচন্দ্ৰ প্ৰেক্ষাগৃহ আৰু মাল্টি-স্প'র্টচ কমপ্লেক্সত ১৮ আৰু ১৯ অক্টোবৰ ২০২৪ তাৰিখে গুৱাহাটীৰ মাইলচ ব্রনচন আৱাসিক বিদ্যালয়ৰ দ্বাৰা আয়োজিত দুদিনীয়া ভাৰতীয় ৰাজহুৱা বিদ্যালয় সম্মিলন (আই.পি.এছ.চি.) অনুর্ধ-১৪, অনুর্ধ-১৭ আৰু অনুর্ধ-১৯ ছোৱালী ভলীবল টুর্ণামেন্ট ২০২৪ শনিবাৰে সমাপ্ত হয়। সামৰণি অনুষ্ঠানটো আন্তর্জাতিক মহিলা বক্সাৰ ফাইলাও বসুমতাৰী উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে।

তেওঁৰ ভাষণত তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰা বিভিন্ন অভিলেখৰ কথা উল্লেখ কৰে। তেওঁ খেলুৱৈসকলক উৎসাহিত কৰি বিজয়ীসকলক বঁটা প্ৰদান কৰে।

প্ৰতিযোগিতাখনত অনুৰ্ধ্বৰ-১৪ শাখাত চেম্পনয়ন হয় মতিলাল নেহৰু স্কুল অফ স্পর্টছ, ৰায়, চনিপত, হাৰিয়ানা, ৰাণাৰ আপ হয়বিদ্যা দেৱী জিন্দল স্কুল, হিচাৰ আৰু প্ৰথম ৰাণাৰ আপ হয়অসম ভেলী স্কুল, বালিপাৰা।

অনুৰ্ধ্বৰ১৭ ত চেম্পিয়ন হয় বিদ্যা দেৱী জিন্দল স্কুল, হিচাৰ। ৰাণাৰ আপ হয় মতিলাল নেহৰু স্কুল অফ স্পর্টছ, ৰায়, চনিপত, হাৰিয়ানা আৰু প্ৰথম ৰাণাৰ আপ হয় এমার্ল্ড হাইটছ ইণ্টাৰনেচনেল স্কুল, ইন্দোৰ।

অনুৰ্ধ্বৰ ১৯ ত চেম্পিয়ন হয় মতিলাল নেহৰু স্কুল অফ স্প'ৰ্টছ, ৰায়, চনিপত, হাৰিয়ান আৰু ৰাণাৰ আপ হয় মাইলচ ব্রনচন আৱাসিক বিদ্যালয়, বৰঝাৰ,গুৱাহাটী। অনুষ্ঠানত মাইলচ ব্রনচন আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰতিষ্ঠাপক ড° নৃপেন কুমাৰ দত্তই পর্যবেক্ষক চেজল সিঙৰ লগতে প্ৰতিযোগিতাখনৰ তত্বাৱধান কৰা বিষয়াসকলক সম্বর্ধনা জনায়।

অল ইণ্ডিয়া ইণ্ডিয়ান পাব্লিক স্কুলছ কনফাৰেন্স ভলীবল প্ৰতিযোগিতা সম্পন্ন
উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in