কবি অলকেশ কলিতাৰ স্মৃতিচাৰণ সভা: স্মৃতিগ্ৰন্থ উন্মোচন তথা ৱেবছাইট মুকলি

কবি অলকেশ কলিতাৰ স্মৃতিচাৰণ সভা: স্মৃতিগ্ৰন্থ উন্মোচন তথা ৱেবছাইট মুকলি

Published on

ডিজিটেল সংবাদ, গুৱাহাটী : যুৱ কবি প্ৰয়াত অলকেশ কলিতাৰ এক স্মৃতিচাৰণ সভা তথা স্মৃতিগ্ৰন্থ উন্মোচন আৰু ৱেবছাইট মুকলি অনুষ্ঠান আয়োজন কৰা হয় গুৱাহাটী টাউন ক্লাৱত। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ ড° পূৰ্ণ ভট্টাচাৰ্যই।

বৰগীত পৰিবেশন কৰে অংগৰিকা আয়ুসী বৰাই। কুশল দত্তৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'অলকেশ' উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ড° মালিনী গোস্বামীয়ে।

কবি প্ৰাঞ্জল এ. শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত স্মৃতিচাৰণ কৰে ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী,অনুভৱ তুলসী, নীলিম কুমাৰ, প্ৰনৱ কুমাৰ বৰ্মন, বিজয় শংকৰ বৰ্মন, কুশল দত্ত, ড° জগদীশ পাটগিৰি, ধীমান বৰ্মন প্ৰমুখ্যে অসমৰ সাহিত্য ক্ষেত্ৰৰ বহুকেইজন বৰেণ্য ব্যক্তিয়ে। এই অনুষ্ঠানতেই মুকলি কৰা হয় অলকেশ কলিতাৰ নামত জন্ম দিয়া এটা ৱেবছাইট www.alakeshkalita.com।

পৰিয়ালবৰ্গই এই অনুষ্ঠানতে অলকেশ কলিতা ফাউণ্ডেছনৰ কথা ঘোষণা কৰে। ইয়াৰ জৰিয়তে অলকেশ কলিতাক কৰ্মৰ মাজেৰে জীয়াই ৰখাৰ প্ৰয়াস কৰা হ'ব বুলি জানিবলৈ দিয়া হয়।

কবি অলকেশ কলিতাৰ স্মৃতিচাৰণ সভা: স্মৃতিগ্ৰন্থ উন্মোচন তথা ৱেবছাইট মুকলি
মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ অনুদান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in