ডিজিটেল ডেস্কঃ সমাগত অম্বুবাচী । নীলাচল পাহাৰত চলিছে সকলো প্ৰস্তুতি। তাৰ মাজতে স্পষ্ট হৈছে এইবাৰ অম্বুবাচীত পাঠদান এৰি চৰকাৰী বিভিন্ন দায়িত্ব পালন কৰিব লাগিব বিদ্যালয়ৰ শিক্ষকেও।
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰা এক নিৰ্দেশনাই শেহতীয়াকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। নিৰ্দেশনাটোত কোৱা হৈছিল অম্বুবাচী মেলা উপলক্ষে ২১ জুনৰ পৰা ২৭ জুনলৈ কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী স্কুলত অনুষ্ঠিত কৰিব নোৱাৰিব কোনোধৰণৰ পৰীক্ষা।
স্কুল পৰিদৰ্শকে ৩ জুনত জাৰি কৰা এই নিৰ্দেশনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যদিও ইয়াৰ অন্তৰালৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাছিল। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা স্কুল পৰিদৰ্শকৰ আন এখন জাননীয়ে এতিয়া পূৰ্বৰ নিৰ্দেশনাৰ আঁৰৰ কাৰণ স্পষ্ট কৰিছে।
১২ জুনত স্কুল পৰিদৰ্শকে বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰা এই জাননীৰ জৰিয়তে অম্বুবাচী মেলাৰ বিভিন্ন দায়িত্ব পালনৰ বাবে বিদ্যালয়ৰ শিক্ষকক বিচৰা হৈছে। অম্বুবাচী মেলা পৰিচালনাৰ বাবে শিক্ষকসকলক দায়িত্ব প্ৰদান কৰাৰ উদ্দেশ্যৰে এই সময়ছোৱাত বিদ্যালয়সমূহ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ পূৰ্বে নিৰ্দেশ প্ৰদান কৰা হৈছিল।
জানিব পৰা মতে মুঠ ৩১ খন বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এই জাননী। জাননী অনুসৰিয়েই উচ্চতৰ মাধ্যমিকৰ পৰা ৫ জনকৈ আৰু উচ্চ মাধ্যমকিৰ পৰা ৩ জনকৈ শিক্ষকে অম্বুবাচী মেলাৰ সময়ত বিভিন্ন দায়িত্ব পালন কৰিব লাগিব।
শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে। পাঠদান বন্ধ ৰাখি, পৰীক্ষা স্থগিত ৰাখিছে অনা শৈক্ষিক কামত কিয় বাৰে বাৰে শিক্ষকসকলক নিয়োগ কৰা হয় তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
Also Read: ঢকুৱাখনাৰ মথাউৰী পথ নিৰ্মাণ আঁচনি পৰিদর্শন উপায়ুক্তৰ...