দগো ৰাংছাং গৱেষণা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ডঃ উপেন ৰাভা হাকাচামৰ 'স্নাতকৰ সংস্কৃতি চয়নিকা' আৰু গুণদা দাসৰ 'হাজং জনগোষ্ঠীৰ সুবাস' উন্মোচন
দগো ৰাংছাং গৱেষণা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, ছয়গাঁও : গুৱাহাটীৰ দগো ৰাংছাং গৱেষণা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন মঙলবাৰে ইতিহাস হোটেলৰ সভাকক্ষত অনুষ্ঠিত হয়। দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা দগো ৰাংছাং গৱেষণা সমিতিৰ সভাপতি ডঃ ললিত চন্দ্ৰ ৰাভাৰ সভাপতিত্ব অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক ডঃ অংশুমান দাসে।

আনহাতে এই সভাৰ আৰম্ভণিতে দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত আৰু ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামৰ মুখ্য সম্পাদনাত নতুন শিক্ষা নীতিৰ পাঠ্যক্ৰমৰ আধাৰত প্ৰকাশ কৰা "স্নাতকৰ সংস্কৃতি চয়নিকা" নামৰ গ্ৰন্থখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ দীপামণি বৰুৱাই উন্মোচন কৰে।

লগতে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক গুণদা দাসৰ "হাজং জনগোষ্ঠীৰ সুবাস" শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে ডঃ উপেন ৰাভা হাকাচামে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিছতে অনুষ্ঠিত সাধাৰণ সভাত দগো ৰাংছাং গৱেষণা সমিতিৰ আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।

এই সভাত গৱেষণা সমিতিৰ নতুন কমিটী গঠন কৰা হয়। সেই অনুসৰি নতুন সমিতিৰ সভাপতি হিচাপে ড° অংশুমান দাসক উপ-সভাপতি হিচাপে ড° আব্দুল বাতেন মণ্ডল আৰু ড° গীতিকা দাসক ৰখাৰ লগতে সম্পাদক হিচাপে ড° কনেশ্বৰ বৰুৱা আৰু যুটীয়া সম্পাদক হিচাপে ড° পুণ্য লতা গোহাঁই আৰু ড° ধনেশ্বৰ কলিতাক ৰখা হয়। এই নতুন কমিটীৰ কোষাধ্যক্ষ হিচাপে ড° সঙ্গীতা ৰাজখোৱাক,হিচাপ পৰীক্ষক হিচাপে ড° প্ৰণীতা বৰ্মন আৰু প্ৰচাৰ সম্পাদক হিচাপে উপেন ডেকাক ৰখা হয়।

আনহাতে দগো ৰাংছাং গৱেষণা পত্ৰিকাৰ মুখ্য সম্পাদক হিচাপে ড° উপেন ৰাভা হাকাচামক আৰু সম্পাদক হিচাপে ড° ললিত চন্দ্ৰ ৰাভা আৰু ড° প্ৰণীতা বৰ্মনক ৰখা হয়। ৱেবছাইটৰ দায়িত্ব দিয়া হয় ড° ধনেশ্বৰ কলিতাক।

দগো ৰাংছাং গৱেষণা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
গুৰু-গম্ভীৰ পৰিৱেশত বিবেকানন্দ কেন্দ্ৰত বাঁহীবাদন অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in