ADRE কলৈ মুখ্যমন্ত্ৰীৰ অন্য এক ঘোষণা : এতিয়াৰ পৰা পৰীক্ষাৰ্থীয়ে মাচুল আদায় দি লাভ কৰিব হৈ যোৱা পৰীক্ষাৰ অ’ এম আৰ শ্বীট

ADRE কলৈ মুখ্যমন্ত্ৰীৰ অন্য এক ঘোষণা : এতিয়াৰ পৰা পৰীক্ষাৰ্থীয়ে মাচুল আদায় দি লাভ কৰিব হৈ যোৱা পৰীক্ষাৰ অ’ এম আৰ শ্বীট

Published on

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ মন্তব্য সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই। সামাজিক মাধ্যমযোগে ড০ শৰ্মাই কয়- ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ অ‘ এম আৰ শ্বীট ছেবাৰ কাৰ্যালয়ত আবেদন কৰি ইয়াৰ ফটো কপি সংগ্ৰহ কৰিব পাৰিব। অহা ২৭ ছেপ্তম্বৰৰ পৰা ছেবাৰ বেৱচাইটত প্ৰাৰ্থীয়ে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব হৈ যোৱা পৰীক্ষাৰ অ’ এম আৰ শ্বীটৰ ফটো কপি।

অৱশ্যে ইয়াৰ বাবে প্ৰাৰ্থীয়ে দিব লাগিব ৫০ টকা মাচুল। এই অ’ এম আৰ শ্বীটৰ জৰিয়তে প্ৰাৰ্থীয়ে ঘৰতে উত্তৰবোৰ বিচাৰি ল’ব পাৰিব। কাৰ, ক’ত, কি ভুল - শুদ্ধ হৈছে সকলো চাব পাৰিব। দুই- এদিনৰ ভিতৰতে ছেবাই ৰাজহুৱা কৰিব লগা বিজ্ঞাপনত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে।

ইয়াৰোপৰি অহা ২৮ ছেপ্তেম্বৰত ছেবাৰ ৱেবচাইত উক্ত পৰীক্ষাৰ উত্তৰৰ সবিশেষ প্ৰকাশ কৰিব। ইয়াৰ জৰিয়তে প্ৰশ্নসমূহৰ উত্তৰবোৰ চাব পাৰিব। অ’ এম আৰ শ্বীত আৰু এনচাৰ কীৰ সৈতে মিলাই পৰীক্ষাৰ্থীয়ে ঘৰতে বহি গণনা কৰিব পাৰিব কিমান নম্বৰ পাব। ক’ত, কি শুদ্ধ হ’ল, ভুল হ’ল ইয়াৰ জৰিয়তে সকলো চাব পাৰিব বুলি ড০ শৰ্মাই মন্তব্য কৰে।

অন্যহাতে পৰীক্ষাৰ্থীৰ যদি উল্লেখিত প্ৰক্ৰিয়াসমূহতো আঁসোৱাহ থাকে তেন্তে আৰ টি আই কৰি চাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। অৱশ্যে আৰ টি আই প্ৰক্ৰিয়াৰ বাবে ৫০০ টকা মাচুল দিব লাগিব। যদিহে আপুনি বিচৰা প্ৰশ্নৰ উত্তৰটো শুদ্ধ হয় নাইবা ছেবাৰ ভুল হয় তেন্তে সেই মাচুল আপুনি ছেবাৰ পৰা ঘূৰাই পাব বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে।

ADRE কলৈ মুখ্যমন্ত্ৰীৰ অন্য এক ঘোষণা : এতিয়াৰ পৰা পৰীক্ষাৰ্থীয়ে মাচুল আদায় দি লাভ কৰিব হৈ যোৱা পৰীক্ষাৰ অ’ এম আৰ শ্বীট
কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ. ডি কুমাৰাস্বামীৰ বোকাজান চিমেণ্ট ফেক্টৰী পৰিদৰ্শন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in