ডিজিটেল ডেস্কঃ হঠাৎ কিয় স্বাধীনতা দিৱসত ৰাজ্যজুৰি সক্ৰিয় হৈ উঠিল নিষিদ্ধ ঘোষিত সংগঠন 'সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীন'? সংগঠনটোৰ আলোচনাপন্থীসকলৰ সৈতে ইতিমধ্যে শান্তি চুক্তি সম্পন্ন হৈছে। আলোচনাৰ মেজলৈ পৰেশ বৰুৱাও আহিব বুলি এক চৰ্চা চলি আছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো বিগত সময়ত পৰেশ বৰুৱাই দক্ষ ৰাজনৈতিক নেতা বুলি উল্লেখ কৰি প্ৰশংসা কৰিছে। আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল পৰেশ বৰুৱায়ো।
এনেদৰেই সংগঠনটোৰে আলোচনাৰ এক পৰিবেশ গঢ় লৈছে বুলি চলি থকা চৰ্চাৰ মাজতেই কিয় গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ২৫ টা প্ৰান্তত বোমা সংস্থাপন কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এতিয়া বহুতৰে বাবে ডাঙৰ প্ৰশ্ন। সংগঠনটোৰ এই কাৰ্যকলাপৰ বিষয়ে একো ইংগিতেই নাপালে অসম আৰক্ষীয়ে। চূড়ান্ত ৰূপত ব্যৰ্থ হ'ল অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগো।
অৱশ্যে আজি আলফা, স্বাধীনৰ এনে কাৰ্যৰ আঁৰৰ কাৰণ পোহৰলৈ আহিছে। সংগঠনটোৱে চৰকাৰ তথা প্ৰশাসনক তেওঁলোকৰ শক্তি আৰু সামৰ্থৰ বিষয়ে এক বাৰ্তা প্ৰেৰণ কৰিবলৈকে হেনো গ্ৰহণ কৰিলে এনে পদক্ষেপ। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনটোৱে বোমা সংস্থাপন কৰি তেওঁলোক বৰ্তমান কিমান শক্তিশালী হৈ আছে তাৰ এক বাৰ্তা প্ৰেৰণ কৰিলে।
আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই বিষয়ে। নিষিদ্ধ ঘোষিত সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁৰ আগত এই বিষয়ে কিছু কথা কৈছে বুলি জনাইছে।
অনুপ চেতিয়াই আজি সংবাদ মাধ্যমৰ আগত কয়, ''বোমা কেইটা নুফুটিল বাবে বহু লোক আঘাতপ্ৰাপ্ত হোৱা বা জীৱনহানী হোৱাৰ দৰে ঘটনাৰ পৰা ৰক্ষা পৰিল। বোমা কেইটা ফুটা হ'লে বহু ক্ষতি হ'ল হয়। পৰেশ বৰুৱাৰ লগত মোৰ যোগাযোগ আছিল। কালি (১৫ আগষ্ট, বৃহস্পতিবাৰ) পুৱাই তেওঁ মোক ফোন কৰি কৈছিল বোমা বিস্ফোৰণ হ'ব। পানীতোলাতো বোমা পাতিছে বুলিও ক'লে।''
তেওঁ পুনৰ কয়, ''বোমা ফুটিলে কিমান ক্ষতি হ'ল হয় তাক আগতীয়াকৈ কোনেও ক'ব নোৱাৰে। এই কাৰ্যক লৈ যথেষ্ট সমালোচনা হ'ল হয়, বিতৰ্ক হ'ল হয়। গতিকে বোমা কেইটা নুফুটাৰ বাবে ভাল হৈছে।''
সংবাদ মাধ্যমৰ আগত অনুপ চেতিয়াই উল্লেখ কৰা মতে নিষিদ্ধ ঘোষিত সংগঠনটোক চৰকাৰে দুৰ্বল বুলি ভাবিছে। তেওঁলোকক গুৰুত্ব দিয়া নাই। সেয়ে এইদৰে বোমা কেইটা সংস্থাপন কৰি তেওঁলোকৰ শক্তিৰ বাৰ্তা প্ৰেৰণ কৰিলে।
চেতিয়াই কয়, ''বৃহস্পতিবাৰে সন্ধিয়া মোলৈ পুনৰ ফোন অহাত মই তেওঁক সুধিলো হঠাৎ আপোনালোকে কিয় ২৫ টাকৈ স্থানত বিস্ফোৰণৰ পৰিকল্পনা কৰিলে? তেওঁ (পৰেশ বৰুৱাই) ক'লে- ''চাওঁক আমাক চৰকাৰে গুৰুত্ব দিবলৈ বিচৰা নাই। আমাক দুৰ্বল বুলি ভাবিছে। আমি যে দুৰ্বল হোৱা নাই, গোটেই অসমতে আমাৰ অৱস্থা কেনেকুৱা তাকে প্ৰমাণ কৰিবলৈ এটা বাৰ্তা দিবলৈ বিচাৰিছিলোঁ।''
সংস্থাপন কৰা বোমা কেইটা নুফুটাৰ বাবে পৰেশ বৰুৱায়ো ভাল পোৱা বুলি উল্লেখ কৰি চেতিয়াই পুনৰ কয়, বোমা কেইটা নুফুটাৰ বাবে ভালেই হৈছে। কিন্তু আলফা, স্বাধীন শক্তিশালী হৈ থকাৰ আমাৰ বাৰ্তা আমি প্ৰেৰণ কৰিলোঁ।
ইফালে অনুপ চেতিয়াৰ পানীতোলাস্থিত বাসগৃহৰ সন্মুখত বোমা সংস্থাপিত কৰাৰ প্ৰসংগৰে আজি পুৱা পুনৰ পৰেশ বৰুৱাই তেওঁলৈ ফোন কৰা বুলিও জানিবলৈ দিছে। চেতিয়াই কয়, ''আজি ৰাতিপুৱা তেওঁ মোক পুনৰ ফোন কৰিছিল। মই সেই সময়ত গুৱাহাটী মেডিকেল কলেজ, হাস্পতালত আছিলো। তেওঁ ক'লে কালি আপোনাক ক'ব নোৱাৰিলো পানীতোলাৰ ক'ত বোমাটো পাতিছিল। যিজন ল'ৰাই বোমাটো পাতিছিল তেওঁৰ সৈতে যোগাযোগ হ'ল। তেওঁ কৈছে আমাৰ ঘৰৰ সন্মুখত এটা আৰু ঘৰৰ পাছফালে এটা বোমা পাতিছে।''
এই সন্দৰ্ভত চেতিয়াই কয়, যিসকলে তেওঁৰ ঘৰৰ সন্মুখত এইদৰে বোমা সংস্থাপিত কৰিছে তেওঁলোকে জানি লওক এইদৰে বোমা পাতি মোক ভয় খুৱাবলৈ বিচাৰি লাভ নাই। মই মোৰ কাম কৰি যাম।
Also Read: ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনঃ ১৯ গৰাকী প্ৰাক্তন আলফা সদস্যক আৰক্ষীৰ তলব...