ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া BJP নেতাৰ প্ৰতিকৃতি দাহেৰে APCC ৰ প্ৰতিবাদ

কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টু, বিজেপি নেতা তৰবিন্দৰ সিং মাৰৱাহ, ৰঘুৰাজ সিং, শিৱসেনাৰ বিধায়ক সঞ্জয় গায়কৱাড়, অনিল বণ্ডকো গ্ৰেপ্তাৰৰ দাবী
ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া BJP নেতাৰ প্ৰতিকৃতি দাহেৰে APCC ৰ প্ৰতিবাদ
ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া BJP নেতাৰ প্ৰতিকৃতি দাহেৰে APCC ৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰদান কৰি হত্যাৰ ভাবুকি দিয়া বিজেপি আৰু শিৱসেনাৰ সিন্ধে গোটৰ নেতাক গ্ৰেপ্তাৰৰ দাবীত সমগ্ৰ দেশৰ লগতে আজি গুৱাহাটী মহানগৰীতো কংগ্ৰেছে উত্তাল প্ৰতিবাদ জনায়৷ গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সমুখত প্ৰাক্তন সাংসদ আব্দুল খালেক, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, জ্যেষ্ঠ নেতা ৰামান্না বৰুৱা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা প্ৰমুখ্যে কংগ্ৰেছ নেতা-কৰ্মীসকলে বিজেপিৰ অগণতান্ত্ৰিক কাৰ্যৰ প্ৰতিবাদ জনাই ৰাজপথ উত্তাল কৰি তোলে।

ৰাজ্যৰ ৰাজধানী গুৱাহাটীত কেইবা শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ ক্ষোভিত প্ৰতিবাদী কংগ্ৰেছীসকলে বিজেপি হায় হায়, বিজেপিৰ গুণ্ডাগিৰি নচলিব, ৰাহুল গান্ধীক সুৰক্ষা দিয়ক আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ লাষ্টগেটৰ বিধায়ক আৱাসৰ সমীপৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেস্কত অসম প্ৰদেশ মহিলা কংগ্ৰেছ, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে৷

প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে ৰাহুল গান্ধীক লৈ বিৰূপ মন্তব্য কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ প্ৰতিকৃতি দাহ কৰে আৰু শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। ৰাহুল গান্ধী আৰু কংগ্ৰেছক লৈ বিৰূপ মন্তব্য কৰা বিজেপি নেতা তৰবিন্দৰ সিং মাৰৱাহ, ৰঘুৰাজ সিং, শিৱসেনাৰ বিধায়ক সঞ্জয় গায়কৱাড়, অনিল বণ্ডকো গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰী কংগ্ৰেছ নেতা-কৰ্মীসকলে৷

গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো কংগ্ৰেছী নেতা-কৰ্মীসকলে ৰাহুল গান্ধীক বিজেপি নেতা একপ্ৰকাৰ প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া BJP নেতাৰ প্ৰতিকৃতি দাহেৰে APCC ৰ প্ৰতিবাদ
উন্নয়নৰ নমুনাঃ বাঁহৰ সাকো, নাৱেই যাতায়তৰ একমাত্ৰ ভৰষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in