বিদ্যুৎ বিভাগৰ মইমতালিঃ ৩ দিনে জীৱন মৃত্যুৰে যুঁজিছে এটা আৱাসগৃহৰ আৱাসীয়ে...

সোমবাৰেই গছ ভাঙি চিঙি পৰা বিদ্যুতৰ তাঁৰে বিপদ মাতিছে জনজীৱনলৈ
বিদ্যুৎ বিভাগৰ মইমতালিঃ ৩ দিনে জীৱন মৃত্যুৰে যুঁজিছে এটা আৱাসগৃহৰ আৱাসীয়ে...
বিদ্যুৎ বিভাগৰ মইমতালিঃ ৩ দিনে জীৱন মৃত্যুৰে যুঁজিছে এটা আৱাসগৃহৰ আৱাসীয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ কৈ থাকিলেও শেষ নহয় ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কথা। গছৰ পাত লৰিলেও বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা ৰাজ্যৰ বিদ্যুৎ বিভাগৰ মইমতালিৰ বাবেই যোৱা সময়ছোৱাত ৰাজ্যৰ ভিন্ন স্থানত মানুহৰ উপৰিও পোহনীয়া, বনৰীয়া জীৱই প্ৰাণ দি আহিছে।

এই সমূহ ঘটনাৰ পাছতো যেন শিক্ষা লোৱা নাই বিদ্যুৎ বিভাগে। কিয়নো এইবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা আৱাসগৃহ যোৱা ৩ দিন ধৰি বিদ্যুৎ সংযোগেৰে সংযোজিত হৈ আছে যদিও কোনো গুৰুত্ব দিয়া নাই বিদ্যুৎ বিভাগে।

ফলত জীৱন মৰণৰ আশংকাত সময় পাৰ কৰিছে আৱাসগৃহটোত ভাড়াতীয়া হিচাপে থকা পৰিয়াল কেইটাই। কাৰণ কেতিয়া, কোন বিদ্যুৎস্পৃষ্ট হয় তাৰ কোনো নিশ্চয়তা নাই।

উল্লেখ্য যে, ৰীমালৰ প্ৰভাৱত অহা ধুমুহাৰ ফলত সোমবাৰে পুৱাই ভাগিছিল ভি আই পি ৰোডৰ এই বাসগৃহটোৰ এজোপা গছ। ফলত বিদ্যুতৰ তাঁৰ চিঙি পৰিছিল বাসগৃহটোত। এনে পৰিস্থিতিত গোটেই বাসগৃহটোৱেই এতিয়া বিদ্যুৎ সংযোগেৰে সংযোজিত হৈ পৰে।

ফলত যোৱা তিনিদিনে পদে পদে নিশ্চিত বিপদৰ মাজেৰে পাৰ কৰিছে এই আৱাসগৃহটোৰ লোকসকল। এই সন্দৰ্ভত তেওঁলোকে বিদ্যুৎ বিভাগক বাৰম্বৰ যোগাযোগ কৰাৰ পাছত এটা দলে আহি ঘটনাস্থলী পৰ্যবেক্ষণ কৰিয়েই দায়িত্ব সামৰিলে।

বিদ্যুৎ বিভাগৰ এটা কৰ্মচাৰীৰ দলে এই পৰিস্থিতি পৰ্যবেক্ষণ কৰি তেওঁলোকৰ আগত দিলে অদ্ভুত যুক্তি। তেওঁলোকৰ মতে প্ৰথমে বিভাগীয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিব লাগিব।

তাৰ পিছতহে তেওঁলোকে এই পৰিস্থিতিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। এই যুক্তিৰেই প্ৰায় ১৫ জনকৈ লোকে বাস কৰা আৱাসগৃহটোক তেনে অৱস্থাতেই এৰি যায়। ফলত এতিয়া এই লোকসকলৰ জীৱনৰ প্ৰতি আহি পৰিছে তীব্ৰ ভাবুকি। বিদ্যুৎ বিভাগৰ এনে দায়িত্বহীনতাকল সকোলোৱে একেমুখে দিছে ধিক্কাৰ।

বিদ্যুৎ বিভাগৰ মইমতালিঃ ৩ দিনে জীৱন মৃত্যুৰে যুঁজিছে এটা আৱাসগৃহৰ আৱাসীয়ে...
বাৰিষাৰ প্ৰথমজান বানত ডুবিল কামপুৰঃ কপিলীয়ে চিঙিলে পতিয়াপামৰ মথাউৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in