ক'ত আছে বিশেষ তদন্তকাৰী গোটে আটক কৰা ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়া...

ক'ত আছে বিশেষ তদন্তকাৰী গোটে আটক কৰা ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়া...

author-image
Asomiya Pratidin
New Update
ক'ত আছে বিশেষ তদন্তকাৰী গোটে আটক কৰা ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়া...

ক'ত আছে বিশেষ তদন্তকাৰী গোটে আটক কৰা ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়া...

ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগত বক্ৰ পথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াসকলৰ বিৰুদ্ধে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰ।

তাৰ মাজতে হঠাৎ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ৩৪ গৰাকীকৈ ৰাজপত্ৰিত বিষয়াক আটক কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ২০১৫ বৰ্ষত অসম লোক সেৱা আয়োগত বক্ৰ পথেৰে এই ৩৪ গৰাকী বিষয়াই নিযুক্তি লাভ কৰাৰ তথ্য পাতি লাভ কৰিছিল।

ইয়াৰ পাছতে তেওঁলোকক মঙ্গলবাৰে নিশাই আটক কৰে। এই আটাইকেইজন ৰাজপত্ৰিত বিষয়াকে চি আই ডিৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে। তেওঁলোকৰ মাজত আছে অসম অসামৰিক সেৱাৰ ৫ গৰাকী, অসম আৰক্ষী সেৱাৰ ১৩ গৰাকী আৰু ৯ গৰাকী আৰক্ষী বিষয়া।

জানিব পৰা মতে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে ২০১৩ বৰ্ষৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ এইসকলক আটক কৰা হৈছে। স্মৰ্তব্য যে বিপ্লৱ কুমাৰ শৰ্মা আয়গে প্ৰতিবেদন দাখিল কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অসম চৰকাৰে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ যুটীয়া আয়ুক্ত প্ৰতীক থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ গঠন কৰিছিল ৬ জনীয়া বিশেষ তদন্তকাৰী গোট।

ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আয়োগে ৩৪ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি বহু আপত্তিজনক তথ্য লাভ কৰিছে। ইয়াৰে বহু কেইজনৰ নাম, নম্বৰ থকা টেবুলেচন শ্বীট পূৰ্বে এ পি এছ চিৰ তদানীনন্তন অধ্যক্ষ ৰাকেশ পালৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিছিল।

তাৰ পাছতো অৱশ্যে এই গোচৰত তেওঁলকক তদন্তৰ আওঁতালৈ অনা হোৱা নাছিল। এই বিষয় ন্যায়ালয়ে অসম চৰকাৰক প্ৰশ্ন কৰাৰ পাছতে গঠন কৰিবলৈ বাধ্য হৈছিল বিশেষ তদন্তকাৰী গোট।

Also Read: অনুৰাধা শৰ্মা পূজাৰীলৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ ''শ্ৰীশ্ৰী ভট্টদেৱ কথা সাহিত্য সন্মান''...

এ পি এছ চি