এজাক বৰষুণতেই পৰীক্ষা বাতিল কৰিব লগীয়া পৰিস্থিতিৰ সন্মুখীন গুৱাহাটী মহানগৰী

author-image
Asomiya Pratidin
New Update
এজাক বৰষুণতেই পৰীক্ষা বাতিল কৰিব লগীয়া পৰিস্থিতিৰ সন্মুখীন গুৱাহাটী মহানগৰী

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰী । এই মহানগৰীতেই আছে ৰাজ্যখনৰ ৰাজধানী দিছপুৰ । আছে ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী নেতা-আমোলাৰ একোটাকৈ বাসগৃহ, আছে গগণচুম্বী শ্বপিং মল, চিনেমা হল । কেইবাখনো ফ্লাই অভাৰৰ প্ৰকল্পেৰে উন্নয়নৰ শীৰ্ষত গুৱাহাটী । দিনৌ শতাধিক বিদেশী বিলাসী বাহনৰ আহ-যাহ । উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সমগ্ৰ দেশৰ সংযোগ স্থাপন কৰি থৈছে এই গুৱাহাটী মহানগৰীয়ে ।

কিন্তু ৰাজধানী দিছপুৰৰ সমীপতেই আছে হাতীগাঁও, ৰুক্মিনীগাওঁ । এজাক বৰষুণতেই জলমগ্ন দুয়োটা অঞ্চল । একেই দৃশ্য বেলতলাতো ।

চলিত বৰ্ষৰ প্ৰথমটো কৃত্ৰিম বানৰ কবলত পৰিল মহানগৰখন । এতিয়া পৰিস্থিতি ইমানেই শোচনীয় যে কৃত্ৰিম বানৰ সংখ্যা গণিব লগীয়া অৱস্থা ৰাইজৰ ।

উল্লেখ্য যে, এই কৃত্ৰিম বানৰ সৈতেই সচিবালয়ৰ সমীপৰ কেইবাখনো বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰিব লগীয়া হ'ল আজিৰ দিনটোত । কিয়নো বিদ্যালয়ৰ কোঠাসমূহতো একাঠু পানী । ৰাতিপুৱাই বোকা-পানী গচকি বিদ্যালয়লৈ অহা শিক্ষাৰ্থীসমূহ উভতি গ'ল বানপানীৰ বাবে । বাতিল কৰা হ'ল পৰীক্ষা । কিন্তু পৰৱৰ্তী সময়ছোৱাত কৃত্ৰিম বানৰ প্ৰকোপ বৃদ্ধি পালে এই পৰীক্ষা কিমান দিনলৈ বাতিল কৰা হ'ব সেই সম্পৰ্কে কোনো নিশ্চয়তা নাই ।

একে সময়তেই গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে দেখা গৈছিল প্ৰকাণ্ড গাঁত । পানী যোগান আচনিৰ নামত খন্দা এই গাঁত সমূহেই আগন্তুক দিনকেইটাত মৰণফান্দ হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে । একেই আশংকা বিদ্যুৎ বিভাগৰ সৈতেও । কোন মুহুৰ্তত বতাহে চিঙি পেলোৱা তাঁৰে কাৰ প্ৰাণ কাঢ়ি নিয়ে কোনেও ন‍াজানে । এই সকলোবোৰৰ মাজতেই উন্নয়ণৰ শীৰ্ষত গুৱাহাটী মহানগৰী ।

Also Read: চিৰাং জিলাত পাঁচ মাহে পোৱা নাই ৰেচনৰ চাউল, প্ৰতিবাদ শতাধিক পৰিয়ালৰ...

flood