ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত এফালে এটুপী খোৱা পানীৰ বাবে জনসাধাৰণে হাহাকাৰ কৰিছে আৰু আনফালে পানীৰ পাইপেৰ খোৱা পানি নিৰ্গত হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। আজি পুৱাৰে পৰা গুৱাহাটীৰ চানমাৰিত সৃষ্টি হৈছে কৃত্ৰিম বানপানী সদৃশ পৰিস্থিত।
সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা নুনমাটিলৈ নিৰ্মাণ কৰি থকা ফ্লাই অভাৰৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হোৱা এই পথটোত আজি পুৱাৰে পৰা কৃত্ৰিম বানপানীৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত যাতায়ত ব্যৱস্থা অধিক জটিল হৈ পৰিছে।
চানমাৰিৰ মিলনপুৰত পানীৰ পাইপৰ ভালভ মেৰামতিৰ পাছতে এই অৱস্থাৰ সূচনা হৈছে। ইফালে যোৱা চাৰি দিন ধৰি গুৱাহাটী মহানগৰীৰ মুঠ ২৮ টাকৈ স্থানত খোৱা পানীও যোগান ধৰিব পৰা নাছিল।
শেহতীয়াকৈ জল বৰ্ডে এক জাননীৰ জৰিয়তে কৈছিল পাইপ মেৰামতিৰ বাবে গুৱাহাটীৰ মুঠ ২৮ টাকৈ অঞ্চলত ৩ দিনৰ বাবে পানী যোগান ধৰিব নোৱাৰে। ইয়াৰ পিছত ৪ টা দিন উকলি গ'ল। তাৰ পিছতো এই অঞ্চলসমূহত পানী যোগান ধৰিব নোৱাৰিলে জল বৰ্ডে।
ইয়াৰ বিপৰীতে পানীৰ পাইপ মেৰামতিৰ সময়তে আজি চানমাৰিৰ মিনলনপুৰত থকা পানীৰ ভালভত বিসংগতিৰ সৃষ্টি হৈ পাইপৰ পানী ওলাই আহে। ফলত সমগ্ৰ চানমাৰি অঞ্চলত খোৱা পানীয়ে কৃত্ৰিম বানপানীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ফলত ৰাজপথত একাঠু ওপৰলৈ উঠিছে পানী।