নিশাৰ মহানগৰীত হাহাকাৰ পৰিৱেশঃ বোকা-পানীৰ মাজত আৱদ্ধ ৰাজপথৰ বাহন...

নিশাৰ মহানগৰীত হাহাকাৰ পৰিৱেশঃ বোকা-পানীৰ মাজত আৱদ্ধ ৰাজপথৰ বাহন...

author-image
Asomiya Pratidin
New Update
নিশাৰ মহানগৰীত হাহাকাৰ পৰিৱেশঃ বোকা-পানীৰ মাজত আৱদ্ধ ৰাজপথৰ বাহন...

নিশাৰ মহানগৰীত হাহাকাৰ পৰিৱেশঃ বোকা-পানীৰ মাজত আৱদ্ধ ৰাজপথৰ বাহন...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত ভয়াৱহ কৃত্ৰিম বান। নিশা অহা এজাক প্ৰৱল বৰষুণত মহানগৰীৰ যোৰাবাট অঞ্চলত সৃষ্টি কৰিলে এক হাহাকাৰময় পৰিস্থিতি।

পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানী আৰু বোকাই সমগ্ৰ পথটোত সৃষ্টি কৰে বানপানীৰ। নিশাৰ এই বানপানী ইমানেই ভয়াৱহ আছিল যে ৰাজপথৰ কেইবাখনো বাহন উটুৱাই লৈ যায় পানীৰ ঢলে।

আনহাতে এই বানপানীৰ ফলত ৰাজপথতে আৱদ্ধ হৈ পৰে কেইবাটাও পৰিয়াল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অতি তৎপৰতাৰে এই পৰিয়ালকেইটাক উদ্ধাৰ কৰে।

নিশা সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিত ৰাজপথটোত প্ৰায় স্তব্ধ হৈ পৰে যানবাহনৰ চলাচল। সমগ্ৰ ৰাজপথত সৃষ্টি হয় তীব্ৰ যানজঁট। অৱশ্যে পুৱা ভাগলৈ কৃত্ৰিম বানপানীৰ পৰা এই অতি গুৰুত্বপূৰ্ণ পথটো মুকলি হয় যদিও পাহাৰৰ পৰা নামি অহা বোকা-পানীয়ে এক কদৰ্যময় পৰিৱেশৰ সূচনা কৰিছে।

Also Read: পুৱাই খাৰঘূলিস্থিত জাইকাৰ প্রকল্প পৰিদৰ্শন মন্ত্রী অশোক সিংঘালৰ

বানপানী