এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ ব্যস্ত পথ

এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ ব্যস্ত পথ

author-image
Asomiya Pratidin
New Update
এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ ব্যস্ত পথ

ডিজিটেল ডেস্ক : দেওবাৰে পুৱাই অহা এজাক বৰষুণতে বুৰিল মহানগৰীৰ ৰাজপথ। উটুৱাই নিলে স্মাৰ্ট চিটিৰ দম্ভ-অহংকাৰ !

প্ৰায় দুঘণ্টা ধৰি অহা বৰষুণজাকে সৃষ্টি কৰা কৃত্ৰিম বানে বুৰাই পেলালে চানমাৰি, বামুণীমৈদাম, চানমাৰি কলনি, বেলতলা, ৰাজগড় আদিৰ ৰাজপথ।

ক্ষণিকৰ ভিতৰতে স্তদ্ধ হৈ মহানাগৰিকৰ জীৱনযাত্ৰা। স্তদ্ধ হৈ পৰে যান-বাহন। ৰাজপথৰ কাষতে নিৰাপদ ঠাই বিচাৰি আশ্ৰয় ল’ব লগাত পৰে জনতা। ক’ৰবাত যদি একাঁঠু আন ক’ৰবাত একাঁকাল। মুঠৰ ওপৰত পানী আৰু পানী।

Also Read: ৰাগালয়ৰ উদ্যোগত গায়নাচাৰ্য পণ্ডিত বিষ্ণু দিগম্বৰ পলুস্কাৰদেৱৰ ৯৩ সংখ্যক মৃত্যু দিৱস উদযাপন

Artificial flood