Digen Mahanta: অনাতাঁৰ শিল্পী দিগেন মহন্ত আৰু নাই...

গুৱাহাটীত শেষ নিশ্বাস ত্যাগ
Digen Mahanta: অনাতাঁৰ শিল্পী দিগেন মহন্ত আৰু নাই...
Digen Mahanta: অনাতাঁৰ শিল্পী দিগেন মহন্ত আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশিষ্ট সংগীত শিল্পী দিগেন মহন্ত আৰু নাই। বিশ্বকৰ্মা পূজাৰ আনন্দ, উল্লাসৰ মাজতে শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। গণ শিল্পী খগেন মহন্তৰ কনিষ্ঠ ভাতৃ দিগেন মহন্ত আছিল এগৰাকী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম শ্ৰেণীৰ কণ্ঠশিল্পী।

আজি নিশা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰা দিগেন মহন্ত কেইবাটাও সোণ সেৰীয়া অসমীয়া গানৰ বাবে চিৰ পৰিচিত। 'তুমি ৰোৱা সেই শেৱালী জোপা' তেওঁৰ অন্যতম চিৰ সেউজ গীত। তাৰোপৰি তেওঁ কেইবটাও গীতো ৰচনা কৰিছিল। গীতিকাৰ হিচাপেও তেওঁ লাভ কৰিছিল স্বীকৃতি।

বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সন্মান লাভ কৰা দিগেন মহন্তৰ বিয়োগে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যথেষ্ট ক্ষতি কৰিলে। নগাঁৱত জন্মগ্ৰহণ কৰা দিগেন মহন্তলৈ ২০২২ বৰ্ষত 'সুৰ-ৰত্ন যজ্ঞ বেজবৰুৱা বঁটা' আগবঢ়াইছিল নগাঁৱৰে অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰে।

২০২৩ বৰ্ষত তেওঁক নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সৃষ্টি’য়ে ঐতিহ্যমণ্ডিত নেহৰুৱালিত দিগেন মহন্তলৈ আগবঢ়াইছিল কলংপৰীয়া শিল্পী বঁটা। এইগৰাকী সমাদৃত শিল্পীয়ে আজি গুৱাহাটীত তেওঁৰ পুত্ৰ তথা অনাতাঁৰ শিল্পী মনতীত মহন্তৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছে।

পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি শিল্পীগৰাকীৰ শেষকৃত্য বুধবাৰে পুৱা নগাঁৱত সম্পন্ন কৰা হ'ব। আজি নিশাই তেওঁৰ নেশ্বৰ দেহ নগাঁৱৰ নিউ আমোলাপট্টিত থকা নিজা বাসগৃহলৈ লৈ যোৱা হ'ব। তাতেই তেওঁৰ গুণমুগ্ধসকলে শেষ শ্ৰদ্ধা জনাব পাৰিব।

Digen Mahanta: অনাতাঁৰ শিল্পী দিগেন মহন্ত আৰু নাই...
ভঙাগড় উৰণীয়া সেতুত ডাষ্টাৰে খুন্দিয়ালে বাইক আৰোহীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in