অশোক সিংঘালৰ অধীনস্থ বিভাগত ৬৫ কোটি টকীয়া ঠিকা আবণ্টন কেলেংকাৰী

পৌৰ সঞ্চালকালয়ে কমিচনৰ অংকত ঠিকা আবণ্টন দিয়াৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
অশোক সিংঘালৰ অধীনস্থ বিভাগত ৬৫ কোটি টকীয়া ঠিকা আবণ্টন কেলেংকাৰী

অশোক সিংঘালৰ অধীনস্থ বিভাগত ৬৫ কোটি টকীয়া ঠিকা আবণ্টন কেলেংকাৰী

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সময়ছোৱাত পানী বিশেষজ্ঞৰ অৱতাৰ ধাৰণ কৰা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালৰ বিভাগত এতিয়া বাহিৰে ভিতৰে কেৱল দুৰ্নীতি। মাত্ৰ কেইটামান দিনৰ পূৰ্বে মন্ত্ৰী সিংঘালৰ অধীনস্থ জলসিঞ্চন বিভাগত সংঘটিত হোৱা কোটি কোটি টকাৰ কেলেংকাৰীৰ বাতৰি সবিশেষ প্ৰচাৰ হোৱাৰ পিছত এইবাৰ এই একেগৰাকী মন্ত্ৰীৰ আন এটা বিভাগত ঠিকা আবণ্টনৰ নামত ৬৫ কোটি টকীয়া এক কেলংকাৰীৰ তথ্য পোহৰলৈ আহিছে।

মন্ত্ৰী সিংঘালৰ অধীনস্থ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়ত মুঠ ৬৫ কোটি, ৫৮ লাখ, ১৮ হাজাৰ ৮২২ টকীয়া এক ঠিকা আবণ্টনত অনিয়ন আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, পৌৰ প্ৰশাসন সঞ্চালকালয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ৩৯ টা পৌৰ নিকায় এলেকাত জাবৰ জোথৰ নিষ্কাশনৰ বাবে এক নিবিদা আহ্বান কৰিছিল।

এই ঠিকাৰ বাবে বহু প্ৰতিষ্ঠানে নিবিদা জমা দিছিল যদিও যোগ্য প্ৰতিষ্ঠানক বঞ্চিত কৰি কেৱল কমিচনৰ অংকতে অনিয়মৰ আশ্ৰয় লৈ এটা যৌথ প্ৰতিষ্ঠানক ঠিকা আবণ্টন দিয়াৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি নিবিদা জমা দিয়াৰ ক্ষেত্ৰত আৰোপ কৰা চৰ্ত পূৰণ কৰিব নোৱাৰাৰ পাছতো একমাত্ৰ কমিচনৰ অংকতে এই ঠিকা সৌৰভ আগৰৱালাৰ ডয়াচৰণ এণ্ড কোম্পানী আৰু কল এণ্ড ফিক্সড নামৰ যৌথ প্ৰতিষ্ঠানক আবণ্টন দিয়া হৈছে। নিবিদা অনুসৰি ৰাজ্যৰ ভিন্ন স্থানত বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাশন কৰি জাৱৰ পেলোৱা ঠাইক পুনৰ ব্যৱহাৰৰ বাবে সাজু কৰি তোলাৰ কথা কোৱা হৈছিল।

এই কামৰ বাবে বা এই কামৰ ঠিকা লাভৰ ক্ষেত্ৰত আৰোপ কৰি দিয়া হৈছিল কেইবাটাও চৰ্ত। কিন্তু ডয়াচৰণ এণ্ড কোম্পানী আৰু কল এণ্ড ফিক্সড নামৰ যৌথ প্ৰতিষ্ঠানে এই ঠিকা লাভ কৰাৰ ক্ষেত্ৰত ভংগ কৰা হৈছে এই চৰ্তসমূহ।

চৰ্ত অনুসৰি ঠিকা লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ অনা বিত্তীয় সক্ষমতা ৩০ শতাংশতকৈ অধিক হ'ব নোৱাৰিব। কিন্তু ডয়াচৰণ এণ্ড কোম্পানী আৰু কল এণ্ড ফিক্সড নামৰ যৌথ প্ৰতিষ্ঠানক ৬৫ কোটিৰো অধিক টকাৰ এই ঠিকা আবণ্টন দিয়াৰ সময়ত সেই চৰ্ত ভংগ কৰাৰ অভিযোগ উঠিছে।

২০২২ চনত চৰকাৰে জাৰি কৰা মেনুৱেল ফৰ প্ৰকিউমেণ্ট অফ ৱৰ্কছৰ চৰ্তাৱলীক গুৰুত্ব নিদি কাৰিকৰী শিতানত এই যৌথ প্ৰতিষ্ঠানটোক ৮০.৫ নম্বৰ দি ৬৫ কোটিৰো অধিক টকাৰ ঠিকা আবণ্টন দিয়া হৈছে। ইয়াৰ আঁৰত কমিচনৰ অংক থকাৰ অভিযোগ উঠিছে।

এইদৰেই ঠিকা আবণ্টনত আন বহু কেইটা চৰ্ত ভংগৰো অভিযোগ উঠিছে।নিবিদাত উল্লেখ কৰা মতে ঠিকা প্ৰাপ্তিৰ বাবে প্ৰতিষ্ঠানসমূহে এনে কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক। কিন্তু ঠিকা লাভ কৰা এই যৌথ প্ৰতিষ্ঠানটোৱে অন্য ৰাজ্যত এনে কাম কৰাৰ যি অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ দিছে তাত যত্ৰাংশ ভাড়া দিয়াৰ কথাহে উল্লেখ আছে। এমে কাম কৰাৰ অভিজ্ঞতাৰ কথা উল্লেখ নাই।

প্ৰতিষ্ঠানটোৱে জমা দিয়া এই প্ৰমাণ পত্ৰখন যন্ত্ৰাংশ ভাড়াত দিয়াৰ বাবে দক্ষিণ দিল্লীৰ পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তাই দিছিল। অৰ্থাৎ এই যৌথ প্ৰতিষ্ঠানৰ নাই এনে কাম কৰাৰ অভিজ্ঞতা।

এইদৰেই এতিয়া অশোক সিংঘালৰ বিভাগত ঠিকা আবণ্টনৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈ আহিছে। কেমেৰাৰ সন্মুখত নীতি পাঠ দিবলৈ অত্যুৎসাহী হৈ থকা সিংঘালৰ বিভাগৰ এনে কেলেংকাৰীৰ খবৰে সঘনে সংবাদ মাধ্যমত স্থান লাভ কৰি আহিছে যদিও এই সন্দৰ্ভত কাণসাৰ নাই। তেওঁৰ বিভাগ মানেই যেন দুৰ্নীতি, অনিয়মৰ এক ৰম্যভূমি।

Also Read: ছয় নং দফা ৰূপায়ণত বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ...

দুৰ্নীতি অশোক সিংঘাল