বিপ্লৱ শৰ্মা আয়োগৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সাজু মুখ্যমন্ত্ৰী আৰু আছু

১২ টা বিষয় কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰৰ লগত পুনৰ আলোচনাত বহিব সদৌ অসম ছাত্ৰ সন্থা

author-image
Asomiya Pratidin
New Update
বিপ্লৱ শৰ্মা আয়োগৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সাজু মুখ্যমন্ত্ৰী আৰু আছু

বিপ্লৱ শৰ্মা আয়োগৰ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সাজু মুখ্যমন্ত্ৰী আৰু আছু

ডিজিটেল ডেস্কঃ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সম্পন্ন হৈ যায়। এই বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন ৰাইজৰ বাবে ৰাজহুৱা কৰিব বুলি জনাইছে। কালিলৈৰ পৰা অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবচাইটত এই প্ৰতিবেদনখন সকলোৰে বাবে উফলব্ধ হ’ব।

তেওঁ জনোৱা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ এই প্ৰতিবেদনখনৰ মুঠ ৬৭ টা পৰামৰ্শক তিনিটা ভাগত ভাগ কৰা হৈছে। ইয়াৰে ৪০ টা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব পাৰে। ১২ টা পৰামৰ্শ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি কাৰ্যকৰী কৰিব পাৰে আৰু ১৫ টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব পাৰিব বা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয়।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাই বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শক যি তিনিটা ভাগত ভাগ ৰৰা হৈছে সেই বিভাজনক স্বীকাৰ কৰিছে বুলিও জনাইছে। আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বুলি বিবেচিত হোৱা ১৫ টা সিদ্ধান্ত কাৰ্যকৰীকৰণ ক্ষেত্ৰত আছুৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব বুলিও সিদ্ধান্তত উপনীত হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব।

বাকী অসম চৰকাৰৰ হাতত থকা ৪০ টা আৰু কেন্দ্ৰ-ৰাজ্যৰ হাতত থকা ১২ টা পৰামৰ্শ মিলাই মুঠ ৫২ টা পৰামৰ্শ কাৰ্যকৰী কৰিবৰ বাবে সাজু হৈছে অসম চৰকাৰ। এই ৫২ টা পৰামৰ্শৰ ভিতৰত আছে ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰ আৰু সাংস্কৃতিক অধিকাৰো।

মুখ্যমন্ত্ৰীয়ে পূৰ্বেই উল্লেখ কৰাৰ দৰেই এই পৰামৰ্শসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বৰাক উপত্যকা সেই অঞ্চলৰ ৰাইজৰ মতামত গ্ৰহণ কৰিব। সেইদৰে ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহত সেই অঞ্চলৰ কৰ্তৃত্বৰ সৈতে আলোচনা কৰা হ'ব বুলিও জনাইছে।

উল্লেখ্য যে, আজিৰ এই বৈঠকত আছুক প্ৰতিনিধিত্ব কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে উপস্থিত থাকে। দিছপুৰৰ অসম লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা আজিৰ এই বৈঠকৰ পাছত দ্বিতীয়লানি বৈঠকৰ বাবেও অসম চৰকাৰ আৰু আছু সাজু হৈছে। অহা ২৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰাৰ ক্ষেত্ৰত এক্সন প্লেন তৈয়াৰ কৰা হ’ব।

 

Also Read: অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ একাদশ সমাৱৰ্তন সম্পন্ন...

বিপ্লৱ শৰ্মা আয়োগ অসম চুক্তি ছয় নং দফা