৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...

ভিচিডিচি, ভিডিচিৰ বাবে ৪৭৪ টা সচিবৰ পদতো অনুমোদন
৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...
৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীস্থিত অসম লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্পন্ন হৈ যায় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছে।

সেই অনুসৰি ৰূপসি বিমান বন্দৰটোক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বিমান বন্দৰ হিচাপে নামাকৰণ কৰাৰ বাবে ভাৰত চৰকাৰলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু এই বিমান বন্দৰটোৰ নাম সলনি কৰাৰ ক্ষেত্ৰত আইন অনুসৰি কেৱল কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিলেই নহ'ব, বিধানসভায়ো সিদ্ধান্ত ল'ব লাগিব সেয়ে আগন্তুক অসম বিধানসভাৰ অধিবেশনত এক প্ৰস্তাৱ দাখিল কৰা হব।

ইফালে পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ ভিচিডিচি অথবা ভিডিচিৰ ৪৭৪ টা সচিব পদো আজিৰ কেবিনেটে অনুমোদন জনাইছে। ইমানদিনে এইসমূহত সচিব পদ নাছিল। অসমৰ অসমত বিটিচিত ৪২০ টা, ডিমা হাচাওত ২৮ টা ভিচিডিচি আছে আৰুকাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাত আছে ২৬ টা ভিডিচি।

আজিৰ কেবিনেটে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ বাবে নিৰ্ধাৰিত বাজেটৰো সংশোধন কৰিছে। পূৰ্বে এই দলংখনৰ বাবে ২৬০০ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও এতিয়া এই দলংখনৰ বাবে ব্যয় কৰিবলগীয়া ধনৰ পৰিমাণ ৩ হাজাৰ ৩০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াত আজিৰ কেবিনেটে অনুমোদন জনাইছে।

দলংখনৰ বাবে ব্যয় হ'বলগীয়া এই ধনৰ অধিকাংশই আহিব নিউ ডেভলেপমেণ্ট বেংকৰ পৰা। ইয়াত ৰাজ্য চৰকাৰৰ অংশ ১৬৪ কোটি টকা। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২০২৫ ৰ জুন মাহৰ ভিতিৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলিও সংবাদ মেলত আশা প্ৰকাশ কৰিছে।

কেবিনেটত আজি আছাম স্কীক ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ অৱসৰৰ কাৰ্যকাল ২ বছৰলৈ বৃদ্ধি কৰাৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে এইবাৰ বিধানসভাত আছাম স্কীল ইউনিভাৰ্চিটি বিধেয়কখন উত্থাপন কৰিব।

আজিৰ কেবিনেটত প্ৰবজিত শ্ৰমিক আৰু অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ৰাজ্যৰ প্ৰায় ৬ লাখ অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসম চৰকাৰৰ ই-শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিকৰ সংখ্যা প্ৰায় ১২ লাখ। ইয়াৰে ৬ লাখৰে ৰেচন কাৰ্ড আছে যদিও ৬ লাখ শ্ৰমিকৰে নাই ৰেচন কাৰ্ড।

সেয়ে আজি কেবিনেটে সিদ্ধান্ত লৈছে যিসকল অসংগঠিত ক্ষেত্ৰৰ প্ৰকৃত শ্ৰমিক আৰু ২০২৩ চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছে আৰু তেওঁলোক ৰেচন কাৰ্ডৰ পোৱাৰ যোগ্য তেন্ত তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব।

৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...
মুম্বাইত অসমক প্ৰতিনিধিত্ব কৰিব ৰাজনীল ডেন্স একাডেমীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in