ডিজিটেল ডেস্ক : আজি সদৌ অসম ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী। অসম চৰকাৰে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত এই কাৰ্যসূচী আছুৰ। মাধ্যম বিতৰ্কক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছত আজি গুৱাহাটী মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আছুয়ে গ্ৰহণ কৰিছে এই গণ সত্যাগ্ৰহ কাৰ্যসূচী।
ৰাজ্যৰ বিভিন্ন শিক্ষক সংগঠনৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনে আজি সত্যাগ্ৰহ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই উপস্থিত আছে খেলপথাৰৰ বাকৰিত। ছাত্ৰ-ছাত্ৰীক ইংৰাজী শিকোৱাৰ নামত চৰকাৰে মাতৃ ভাষাত হাত দিছে বুলি কৈ সংগঠনটোৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই চৰকাৰক তীব্ৰ সমালোচনা কৰে। তদুপৰি হঠাৎ ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী পঢ়িবলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত ব্যাঘাত জন্মিব বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে।
চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি যুক্তি সহকাৰে সমস্যাবোৰ উত্থাপন কৰাৰ পাছতো চৰকাৰে নিজৰ সিদ্ধান্তত অটল থকাক লৈ এই প্ৰতিবাদ গ্ৰহণ আছুৰ। চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে অনাগত সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ সংগঠনটোৰ।
Also Read: শীৰ্ষ ১০ত বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ তিনি ছাত্ৰী...