শান্তি নিকেতনৰ আৰ্হিত হ’ব আউনীআটী সত্ৰ বিশ্ববিদ্যালয়

শান্তি নিকেতনৰ আৰ্হিত হ’ব আউনীআটী সত্ৰ বিশ্ববিদ্যালয়
Published on
Updated on

ডিজিটেল ডেস্ক : ৰাজ্যত শান্তি নিকেতনৰ আৰ্হিত স্থাপন হ’ব এখন গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয়। প্ৰাকৃতিক পৰিৱেশত মানসিক-আধ্যাত্মিকৰ লগতে আন বিষয়ৰ জ্ঞান কৰ্ষণৰ আধাৰ হ’ব এই বিশ্ববিদ্যালয়খন।

ইতিমধ্যে আউনীআটী সত্ৰই স্থাপন কৰিব লগা এই বিশ্ববিদ্যালয়খনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে। টিয়কত এই বিশ্ববিদ্যালয়খনৰ মূল চৌহদ থকাৰ বিপৰীতে প্ৰস্তাৱিত আউনীআটী সত্ৰ বিশ্ববিদ্যালয়ৰ আন দুটা গুৰুত্বপূৰ্ণ চৌহদ থাকিব মাজুলী আৰু উত্তৰ গুৱাহাটীত। মাজুলী চৌহদত গণমাধ্যম পাঠ্যক্ৰমৰ এক উৎকৰ্ষ কেন্দ্ৰ আৰু গৱেষণাৰ বাবে সকলো ব্যৱস্থা উপলব্ধ হ’ব।

আনহাতে, উত্তৰ গুৱাহাটীত হ’ব লগা আউনীআটী সত্ৰ বিশ্ববিদ্যালয়খনৰ চৌহদটো হ’ব আধ্যাত্মিক,শাৰীৰিক আৰু মানসিক শিক্ষাৰ কেন্দ্ৰস্থল। ব্ৰহ্মপুত্ৰৰ পাৰত এক বৃহৎ অঞ্চলত এই চৌহদ স্থাপন কৰা হ’ব। এই সন্দৰ্ভত আলোচনাৰ বাবে বুধবাৰে আউনীআটী সত্ৰৰ উত্তৰ গুৱাহাটী শাখাত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই বৈঠক সঞ্চালনা কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে। সত্ৰাধিকাৰ গোস্বামীয়ে এই বৈঠকত বিশ্ববিদ্যালয়খনৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত ব্যাখ্যা কৰে।

তেওঁ কয় যে,বৰলুইত সাতুৰি পাৰ হৈছিল গুৰুজনাই। শাৰীৰিক সুস্থতাই মানসিক সুস্থতাৰ আধাৰ। এই শাৰীৰিক-মানসিক সুস্থতা সৃষ্টিশীলতাৰ প্ৰাণস্পন্দন। সেয়েহে,উত্তৰ গুৱাহাটীৰ বৰলুইতৰ পাৰত এই বিশ্ববিদ্যালয় চৌহদ স্থাপন কৰা হ'ব,য'ত শাৰীৰিক-মানসিক সুস্থতাৰ পৰিকাঠামোৰ গঢ়লৈ উঠিব। লগতে বৈঠকতে উত্তৰ গুৱাহাটী চৌহদৰ পাঠ্যক্ৰম আৰু অন্যান্য দিশ চালি-জাৰি চাবলৈ বিশেষজ্ঞ সমিতি গঠনৰ উদ্দেশ্য এখন প্ৰাৰম্ভিক কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত মুকলি থিয়েটাৰৰ আৰ্হিত নিৰ্মাণ কৰা স্থানত আধ্যাত্মিক চিন্তা-চৰ্চাৰ মাজেৰে সৃষ্টিশীল আৰু শৃংখলিত জীৱনৰ বাবে শাৰীৰিক-মানসিক পাঠ্যক্ৰম আৰু গৱেষণাৰ ব্যৱস্থা থাকিব উত্তৰ গুৱাহাটীৰ এই চৌহদত।

উল্লেখযোগ্য যে, আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় সন্দৰ্ভত আলোচনা কৰিবলৈ আয়োজন কৰা উক্ত সভাত বহুসংখ্যক গন্য-মান্য ব্যক্তি,বিশেষজ্ঞই অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ মূল চৌহদৰ প্ৰশাসনিক ভৱন নিৰ্মাণ কৰা হৈছে টিয়কত।

শান্তি নিকেতনৰ আৰ্হিত হ’ব আউনীআটী সত্ৰ বিশ্ববিদ্যালয়
মাতমৰা মণ্ডলৰ সভাপতি ভৱেশ দলেৰ বিৰুদ্ধে চাউল কেলেংকাৰীৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in