ডিজিটেল ডেস্কঃ শেৱালী দেৱী শৰ্মা আৰু তেওঁৰ জোৱায়েকৰ নেতৃত্বত সংঘটিত হোৱা ১০৫ কোটি টকীয়া এছ চি ই আৰ টিৰ কেলেংকাৰীৰে জড়িত ৬ গৰাকী অভিযুক্তই আজি লাভ কৰিলে জামিন। ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে এই ৬ অভিযুক্তৰ।
আজি জামিন লাভ কৰা এই ছয় অভিযুক্ত ক্ৰমে ভাস্কৰ জ্যোতি হাজৰিকা, কেশৱ গগৈ,সোনমণি নাথ,জয় চন্দ্ৰ লহকৰ, ডেভিদ অধিকাৰী আৰু চাৰেং ম'ৰ। এই আটাইকেইজনকে ৫০ হাজাৰ টকাৰ আমানতৰ ধন আৰু দুজন জামিনদাৰৰ বিনিময়ত জামিন প্ৰদান কৰা হৈছে।
আনহাতে জামিন আৱেদন কৰা আন দুই অভিযুক্ত অজয় পাল সিং আৰু ৰাজেশ কুমাৰ যোশীৰ জামিন নাকচ কৰিলে ন্যায়ালয়ে। উল্লেখ্য যে, ৰাজ্য কপাই যোৱা এছ চি ই আৰ টি কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে বিশেষ আদালতত পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। মুঠ ১৪৩৩ পৃষ্ঠাৰ এই চাৰ্জশ্বীটত মুঠ ২১ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল।
দোষী সাব্যস্ত কৰা এই ২১ জন ব্যক্তিৰ ভিতৰত আছিল আই এ এছ শেৱালী দেৱীসহ ৬ জন চৰকাৰী কৰ্মচাৰী, ৫ জন ঠিকাদাৰসহ ১০ জন লোকৰ নাম। এই ১০ জন লোকৰ ভিতৰত আছে সংবাদ কৰ্মী, আৰ টি আই কৰ্মীৰো নাম।
আনহাতে ৬ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্তও ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, ১০৫ কোটিটকীয়া এই কেলেংকাৰী সেৱালী দেশী শৰ্মা এছ চি আই আৰ টিৰ সঞ্চালক হৈ থকাৰ সময়ত সংঘটিত হৈছিল। এই কেলেংকাৰীৰ নেতৃত্ব লৈছিল শেৱালী দেৱী শৰ্মাৰ লগতে তেওঁৰ ঠিকাদাৰ জোঁৱায়েকে।
চি এম ভিজিলেঞ্চে শেৱালী দেৱী শৰ্মাক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতে জেৰা কৰাৰ সময়তে পোহৰলৈ আহিছিল এই কেলেংকাৰীৰ সৈতে কিদৰে বিভিন্ন দল, সংগঠনৰ নেতা, সাংবাদিক আদি জড়িত আছিল। শেৱালী দেৱী শৰ্মাই দিয়া তথ্যৰ আধাৰতে চি এম ভিজিলেঞ্চে জেৰা কৰি গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক পূজা মণি দাস, ভাস্কৰজ্যোতি হাজৰিকা, আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ, অনুপ শইকীয়া আদিক।
Also Read: পুলৱামা ছহিদৰ পত্নীক সন্মুখত ৰাখি বিজেপিৰ নিৰ্বাচন জয়ৰ কৌশল...