ডিজিটেল সংবাদ,গুৱাহাটীঃ চলিত বৰ্ষৰ ১৯ জুলাইত অসমৰ প্ৰায়বোৰ সংবাদ মাধ্যমৰ যোগেদি এক বিস্ফোৰক তথ্য প্ৰচাৰ হৈছিল যে,ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণিত বিষয়ৰ শিক্ষয়ত্ৰী গায়ত্ৰী শইকীয়াই তেওঁৰ আৰু আন সহকৰ্মী শিক্ষকৰ বেংক একাউণ্টৰ যোগেদি অবৈধ ধনৰ সৰবৰাহ কৰি থকা বাবে বিদ্যালয় খনত চি বি আই ৰ অভিযান চলিছে।
বাতৰিটোৱে বিদ্যালয় খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰৰ লগতে অভিভাৱক আৰু সচেতন ৰাইজৰ মাজতো জোকাৰণি আনিছিল। কিয়নো শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত এনে কথা সাধাৰাণতে কল্পনা কৰা নাযায়। উল্লেখযোগ্য যে গায়ত্ৰী শইকীয়াৰ স্বামী হেমচন্দ্ৰ বৰা উত্তৰ-পূৱ সীমান্ত ৰেলৰ অতিৰিক্ত মুখ্য অভিযন্তা আছিল।
বহু কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত চিৰিয়াখানত থকা বাসভৱনত ২০২১ চনৰ ১৬ জানুৱাৰীত দিনে-নিশাই চি বি আই ৰ এটা বৃহৎ দলে অভিযান চলাই ৬০ লক্ষ টকা আৰু বহু পৰিমাণৰ সোণ জব্দ কৰাৰ উপৰিও বৰাক গ্ৰেপ্তাৰ কৰি তিহাৰ জেলত ৰাখিছিল।
২০২৩ চনৰ নৱেম্বৰত পুনৰ হেমচন্দ্ৰ বৰাৰ চিৰিয়াখানাত থকা বাসগৃহৰ লগতে নগাঁৱৰ ৩ স্থানত থকা বৰাৰ ঘৰত চি বি আই ৰ দলে অভিযান চলাইছিল। সেই সময়তে গায়ত্ৰী শইকীয়াকো তদন্তৰ আঁওতালৈ আনি ভাস্কৰ বিদ্যাপীঠত অভিযান আৰম্ভ কৰিছিল।জানিব পৰা মতে গায়ত্ৰী শইকীয়াৰ স্বামী হেমচন্দ্ৰ বৰাৰ এই দুষ্কাৰ্যৰ লগত জড়িত থকা সন্দেহত গায়ত্ৰী শইকীয়াই বাস কৰা ফ্লেটৰ বিল্ডাৰ পৱন আগৰৱালকো চি বি আই ৰ তৰফৰ পৰা জাননী দিয়া হৈছিল।
বিদ্যালয় খনত নৱেম্বৰ, ২০২৩ ৰ পৰা চলা চি বি আই ৰ অভিযানৰ কথা প্ৰধান শিক্ষয়ত্ৰী অৰ্চনা কোঁৱৰে বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ পৰা লুকুৱাই ৰাখিছিল যদিও চলিত বৰ্ষৰ ৩ জুলাইত চলা অভিযানৰ পিছত কথাবোৰ লাহে লাহে পোহৰলৈ আহি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মৃত্যুঞ্জয় শৰ্মাৰ পৰা জানিব পৰা মতে, গায়ত্ৰী শইকীয়াই কেইজনমান শিক্ষকক হাতৰ পুতলা হিচাপে সৃষ্টি কৰিছে। এই গোটটোৱে প্ৰধান শিক্ষয়িত্ৰী আৰু গায়ত্ৰী শইকীয়াৰ সকলো ধৰণৰ অনৈতিক কাৰ্যত অন্ধ সমৰ্থকৰ ভূমিকা পালন কৰি আহিছে। তাৰে কেইটামান দুৰ্নীতি তলত উল্লেখ কৰিলো।
১) নিয়ম মতে বিদ্যালয়ৰ নামত যুটীয়া বেংক একাউণ্ট থাকিব লাগে যদিও প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ নামত থকা একাউণ্টত টকাবোৰ জমা ৰাখি ভুৱা বিলেৰে খৰচ কৰি আহিছে। একাউণ্ট নং- 50100511446325, HDFC বেংক।
২) প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ সকলোবোৰ কাম পৰিচালনা সমিতিৰ সভাপতিৰ অগোচৰে কৰি থাকে।সকলো বস্তু বজাৰৰ প্ৰকৃত মূল্যতকৈ ৩/৪ গুণ বেছি দামত ক্ৰয় কৰে।
৩) প্ৰাক্তন ছাত্ৰৰ দ্বাৰা দিনে নিশাই কষ্ট কৰি নিৰ্মাণ কৰি উলিওৱা খেল পথাৰখন ছাত্ৰ-ছাত্ৰীক খেলৰ পৰা বঞ্চিত কৰি ৰাখি অধ্যক্ষাগৰাকীয়ে স্কুল পৰিচালনা কমিটিৰ লগত নাইবা প্ৰাক্তন ছাত্ৰগোটৰ কাৰ্যকৰ্তাৰ লগত আলোচনা নকৰাকৈ "অনুপম নিৰ্মাণ" নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক ভাৰালৈ দিয়ে। এই ভাৰাৰ টকাখিনি অধ্যক্ষাই নিজৰ ব্যক্তিগত একাউণ্টত জমা ৰাখে। খেলপথাৰ খনৰ মাহিলী ভাৰা পূৰ্বে ৩০হাজাৰ টকা আৰু বৰ্তমান ৬০হাজাৰ টকা ।
৪) বিদ্যালয় খনৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী হিতেশ্বৰ বৰুৱা নামৰ বিদ্যালয় খনৰে শিক্ষক এজনৰ পৰা ক্ৰয় কৰে। দোকান খনত কোনো ধৰণৰ চৰকাৰী অনুজ্ঞাপত্ৰ নাছিল। লোকজন প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ গাঁৱৰ আত্মীয় লোক আৰু গায়ত্ৰী শইকীয়া আৰু প্ৰধান শিক্ষয়িত্ৰীৰ দুষ্কাৰ্য সমূহৰ এজন সহযোগী আছিল।
কিছুদিনৰ পিছতে হিতেশ্বৰ বৰুৱাৰ অৱসৰ হোৱা কথা আছে বাবে যোৱা ১৭/০৮/২০২৪ তাৰিখে মধ্যাহ্ন ভোজনৰ দায়িত্ব "অক্ষয় পাত্ৰ" নামৰ এটা NGO ৰ হাতত অৰ্পণ কৰিছিল। এই সন্দৰ্ভতো পৰিচালনা সমিতিক অন্ধকাৰত ৰখা হৈছিল।
৫) মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ বহুত বেছি ছাত্ৰ-ছাত্ৰী দেখুৱাই চৰকাৰৰ পৰা ইউনিফর্মৰ নামত ধন আদায় কৰি আত্মসাৎ কৰি থাকে।
৬) চৰকাৰী গাইডলাইন অমান্য কৰি বিদ্যালয়ৰ ইউনিফৰ্মবোৰ চিলাবলৈ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজে পচণ্ড কৰা "অক্ষয় এম্পেয়াৰ" নামৰ এটা অনুষ্ঠানক দিয়ে।
৭) মধ্যাহ্ন ভোজনৰ এজন ৰান্ধনি প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ ব্যক্তিগত ড্ৰাইভাৰ।
৮) প্ৰাক্তন ভাস্কৰিয়ানৰ এলুমিনি গ্ৰুপৰ ১৫ জনীয়া সমিতিখন সাধাৰণ সভাই নিৰ্বাচন কৰিব লাগে যদিও প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ পচণ্ডৰ লোকৰ দ্বাৰাহে গঠন কৰিছিল।
৯) বিদ্যালয়ত চলি থকা দুষ্কাৰ্য বোৰ ফাদিল হোৱাৰ ভয়ত বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ কাৰ্যালয় স্থাপন কৰিবলৈ দিয়া হোৱা নাছিল। প্ৰাক্তন ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতিৰ ঘৰতহে কাৰ্যালয় স্থাপন কৰি তেখেতৰ ঘৰৰ তথ্যপাতিৰ ভিত্তিতে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ পঞ্জীয়ন কৰিব লগীয়া হৈছিল।
সম্প্ৰতি বিদ্যালয়খন শিক্ষানুষ্ঠানৰ পৰিবৰ্তে অবৈধ ধনৰ গোপন সৰবৰাহ কৰা এক ঘাটিত পৰিণত হৈ পৰিছে । ছাত্ৰক শিক্ষাদানৰ পৰিবৰ্তে প্ৰধান শিক্ষয়িত্ৰী আৰু গায়ত্ৰী শইকীয়াই অবৈধ ধনৰ সৰবৰাহ কৰা কামতহে বস্ত থাকে।
গায়ত্ৰী শইকীয়াই প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্যে কিছুমান শিক্ষক আৰু অভিভাৱকক হাতৰ মুঠিত ৰাখি ঐতিহ্যমণ্ডিত বিদ্যালয় খনক অবৈধ ধনৰ সৰবৰাহ কৰা এক ঘাটিত পৰিণত কৰিব ধৰিছে। অপৰাধীৰ এখন বৃহৎ জালৰ সৃষ্টি কৰিছে।
গায়ত্ৰী শইকীয়া শিক্ষকৰ নামত এক কলংক। এসময়ত শিক্ষাৰ ক্ষেত্ৰত বিখ্যাৎ হৈ উঠা "ভাস্কৰ বিদ্যাপীঠ" আজি অবৈধ ধনৰ গোপন সৰবৰাহৰ বাবে বিখ্যাৎ হৈ পৰাটো বৰ দুৰ্ভাগ্যজনক কথা। নিষ্ঠাবান শিক্ষক সকল, অভিভাবক সকল আৰু প্ৰাক্তন ছাত্ৰ সকলে নিজকে ভাস্কৰ বিদ্যাপীঠৰ নাম লবলৈ লাজ কৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইতিমধ্যে " বীৰ লাচিত সেনা, অসম" আৰু "অসমীয়া যুৱ মঞ্চই" পৃথকে পৃথকে বিষয়টোৰ তদন্তৰ দাবী উত্থাপন কৰিছে যদিও শিক্ষা বিভাগ নিৰ্বিকাৰ হৈ আছে। সংগঠন দুটাই উত্থাপন কৰা দাবী সমূহ হৈছে-
১) ঐতিহ্য মণ্ডিত বিদ্যালয় খনৰ পূৰ্বৰ গৰিমা ঘূৰাই আনিবলৈ গায়ত্ৰী শইকীয়াৰ লগতে তেওঁৰ ঘনিষ্ঠ সহযোগী তথা প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা কোঁৱৰ আৰু শিক্ষক হিতেশ্বৰ বৰুৱাক কৰ্তৃপক্ষই তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ বিদ্যালয়লৈ অহাটো বন্ধ কৰিব লাগে। অন্যথা বিদ্যালয়ত প্ৰৱেশত ৰাইজে বাধা প্ৰদান কৰা উচিত হ'ব।
২) বহু গোপন তথ্য উদ্ঘাটনৰ বাবে "চি বি আই" য়ে গায়ত্ৰী শইকীয়া আৰু প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা কোৱঁৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্ত চলাব লাগে।
৩) গায়ত্ৰী শইকীয়াই সৃষ্টি কৰা অন্ধ সমৰ্থক শিক্ষক কেইজনকো তদন্তৰ আওতালৈ আনিব লাগে।
প্ৰধান শিক্ষয়িত্ৰীৰ এনেবোৰ দুৰ্নীতি আৰু গায়ত্ৰী শইকীয়াৰ দুষ্কাৰ্য সমূহ চকুৰ আগত দেখিও, দল-সংগঠনৰ প্ৰতিবাদ সত্বেও চৰকাৰ নিৰ্লিপ্ত হৈ থকা ঘটনা ৰাইজে সহজভাৱে লোৱা নাই। বিদ্যালয়খন বন্ধ কৰিবলৈ চৰকাৰে কু-অভিসন্ধি ৰছিচে বুলি ভাবিছে ৰাইজে।
উল্লেখযোগ্য যে ইতিমধ্যে বিভিন্ন মহলত এই কথা বাহিৰ হৈছে যে বীৰ লাচিত সেনা বা অসমীয়া যুৱ মঞ্চ মেনেজ হ'ল নেকি? ইতিমধ্যে চিবিআইৰ সূত্ৰৰ পৰা গম পোৱা মতে পুৰণা তিনিগৰাকী বিষয়াক আঁতৰাই নতুনক দ্বায়িত্ব দিয়া হৈছে।