ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ ওপৰত হোৱা আলফাৰ আক্ৰমণ ঘটনাৰ বিচাৰাধিন এটা গোচৰৰ আজি ৰায়দান কৰিলে ন্যায়ালয়ে। চি বি আইৰ বিশেষ আদালতত বিচাৰাধিন এই গোচৰৰ ৰায়দানত অভিযুক্ত প্ৰাক্তন আলফা ৰাজু বৰুৱা, হীৰা শৰণীয়া, অজিত নাথক আজি দোষমুক্ত কৰিলে।
চি বি আইৰ বিশেষ আদালতৰ ৩ নং বিচাৰপীঠে উপযুক্ত তথ্য প্ৰমাণ নথকাৰ বাবেই ৰাজু বৰুৱা হীৰা শৰণীয়া আৰু অজিত নাথক দোষমুক্ত ঘোষণা কৰিছে। উল্লেখ্য যে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনক মুঠ তিনিবাৰকৈ আলফাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।
১৯৮৬ চনত নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ সন্মুখত তেওঁক আলফাই প্ৰথমবাৰ আক্ৰমণ কৰিছিল। ইয়াৰ পিছত ১৯৯০ চনৰ ২০ জানুৱাৰীত দ্বিতীয়বাৰ বেলশৰৰ নিজা বাসভৱনত জাতীয় পতাকা উত্তোলনৰ সময়ত তেওঁক আলফাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।
ইয়াৰ ৫ বছৰৰ পাছত ১৯৯৫ চনৰ ৩০ ডিচেম্বৰত বৰক্ষেত্ৰী সমষ্টিৰ লাউপাৰা গাঁৱত পুনৰ তেওঁক আক্ৰমণ লক্ষ্য কৰি লৈছিল নিষিদ্ধ ঘোষিত সংগঠনটোৱে। আক্ৰমণৰ পাছত সংগঠনটোৱে সেই আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছিল। এইদৰে ১০ বছৰৰ ভিতৰত তেওঁ মুঠ ৩ বাৰ আলফাৰ আক্ৰমণ সন্মুখীন হৈছিল।
এই তিনিওটা আক্ৰমণৰ ভিতৰত ১৯৯৫ ৰ ৩০ ডিচেম্বৰৰ আক্ৰমণৰ ঘটনাৰ তদন্তৰ দায়িত্ব লৈছিল চি বি আইয়ে। চি বি আইত ৰুজু হোৱা ৫০/২০৬ নম্বৰৰ গোচৰত আলাফা তেতিয়াৰ নেতা ৰাজু বৰুৱা, হীৰা শৰণীয়া আৰু অজিত নাথক অভিযুক্ত কৰা হৈছিল।
এই গোচৰত চি বি আইয়ে ৫০ জন লোকৰ সাক্ষ গ্ৰহণ কৰাৰ বিপৰীতে ১৬ জন সাক্ষীৰ তদন্তকালতে মৃত্যু হয়। ফলত এনে এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি চি বি আইৰ আদলতে উপযুক্ত তথ্য, প্ৰমাণৰ অভাৱতে তিনি অভিযুক্ত প্ৰাক্তন আলফাক দোষমুক্ত ঘোষণা কৰিলে।
নামনি অসমৰ কংগ্ৰেছৰ অত্যন্ত প্ৰভাৱশালী এইগৰাকী নেতাৰ ওপৰত এইদৰে তিনিবাৰকৈ আলফাই আক্ৰমণ কৰা বিষয়টোৱে সেই সময়ত ৰাজ্যৰ ৰাজনীতি আৰু সমজা ব্যৱস্থাক জোকাৰি গৈছিল।
কিন্তু ইমান দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছতো চি বি আইৰ দৰে এটা সংস্থাই অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত তথ্য, প্ৰমাণ গোটাব নোৱাৰা বিষয়টোৱে ন্যায় ব্যৱস্থাৰ ফোপোলা স্বৰূপটোকেই উন্মোচন কৰিলে।
Also Read: তাৰংগুৰীত বিপিএফৰ বিশাল সভাঃ ছালাকাটি ব্লক সমিতি গঠন...