আদানীৰ উৎকোচ কেলেংকাৰিৰে মুখ্যমন্ত্ৰীৰো আছে গোপন সম্পৰ্কঃ ভূপেন বৰা

আমেৰিকাৰ আদালতে উৎকোচৰ কেলেংকাৰিত অভিযুক্ত কৰা গৌতম আদানী কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই৷

author-image
Asomiya Pratidin
New Update
ভাষণ দিবলৈ নহয়, ক’লা ধন বিলাবৰ বাবেহে ঝাৰখণ্ডত আছিল অসমৰ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ গুৱাহাটীঃ আমেৰিকাৰ আদালতে উৎকোচৰ কেলেংকাৰিত অভিযুক্ত কৰা গৌতম আদানী কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ভূপেন কুমাৰ বাৰই গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি গৌতম আদানীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে৷

এই কেলেংকাৰীত অভিযুক্ত গৌতম আদানী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোপন সম্পৰ্ক থকা বুলি দাবী কৰি যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্তৰ দাবী জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিচনে গৌতম আদানীক ২০০০ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত কৰিছে।

উচ্চতম ন্যায়ালয়েও গৌতম আদানীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে। কিন্তু মুকলি আকাশৰ তলত আছে গৌতম আদানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবেই আদানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হোৱা নাই।

আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌতম আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে৷ কিয়নো আদানী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ।

সৌৰ প্ৰকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুৎ ক্ৰয়ৰ বাবে চৰকাৰক মেনেজ কৰিবলৈ গৌতম আদানীয়ে ৰাজ্যিক বিষয়াসকলক ২০০০ কোটি টকা উৎকোচ দিছিল বুলি উল্লেখ কৰি ভূপেন কুমাৰ বৰাই কয়, আদানীৰে প্ৰত্যক্ষ লেন-দেন থকা বুলি আদালতত তথ্য থকা বুলি কোৱা হৈছে৷ কিন্তু এতিয়ালৈকে আদানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আদানীৰ টকাৰেই বিজেপিয়ে ৰাজ্যসমূহত চৰকাৰ ভঙা-পতা কৰে৷ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত সেই টকা ব্যয় কৰে।

গৌতম আদানীৰ উৎকোচ কেলেংকাৰিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ তথা দেশৰ সবাতোকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। এইগৰাকী মুখ্যমন্ত্ৰীৰ গৌতম আদানীৰ সহযোগী কোম্পানী আজুৰ পাৱাৰৰ সৈতে সম্পৰ্ক আছে৷

কোম্পানীৰ আঁৰৰ মানুহজন গৌতম আদানী। অসমত আজুৰ গ্ৰুপে ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰিছে। লক্ষণীয় বিষয় যে পূৰ্বতেই আদানী গ্ৰুপৰ পৰা এক মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ বাবদ ২৫ লাখ টকা ঘোচ দিয়াৰ ঘটনা পোহৰলৈ আহিছিল।

আনহাতে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী অসমলৈ আহিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল। ইয়াৰ পাছত ২০২২ চনৰ জুলাই মাহত আজুৰ গ্ৰুপে অসমত ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল।

অসম চৰকাৰে আদানী গ্ৰীণ আৰু আজুৰ গ্ৰুপৰে চুক্তি কৰিছিল। চুক্তি অনুসৰি ২৫ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সৌৰশক্তি ক্ৰয় কৰিব।

অৰ্থাৎ অসমৰ ৰাইজে ২৫ বছৰৰ বাবে আদানীৰ পৰা অধিক মূল্যত সৌৰশক্তি ক্ৰয় কৰিব লাগিব। ভূপেন বৰাই অসমত আজুৰ গ্ৰুপৰ সৌৰশক্তি প্ৰকল্পক তদন্তৰ আওতালৈ অনাৰ দাবী জনায় কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠালাংছুত জনজাতি লোকৰ বসতি থকা ৭০০০ বিঘা ভূমি গৌতম আদানীক দিব বিচাৰিছে।

চিমেণ্ট ফেক্টৰীৰ বাবে গৌতম আদানিক ভূমিখিনি দিব। অসমত আদানীৰ এই দুয়োটা দুৰ্নীতিৰ কংগ্ৰেছ দলে যুটীয়া সংসদীয় কমিটীৰ তদন্ত দাবী কৰে। আদানীক গ্ৰেপ্তাৰৰো দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷

ভূপেন কুমাৰ বৰাই ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় চাৰি মাহ ব্যস্ত থকা কাৰ্যক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰীও আখ্যা দিয়ে৷ মুখ্যমন্ত্ৰীয়ে অইন ৰাজ্যত মাহৰ পাছত মাহ ধৰি বহি আছে৷

ভাষণ দিবলৈ নহয়, অসমত দুৰ্নীতিৰে ঘটা ক’লা ধন নি তাত বিজেপিক জিকাবলৈ ব্যৱহাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ আনে বৰাই৷ ইফালে কাইলৈ ঘোষণা কৰিবলগীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী হৈ আছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ড০ হিমন্ত বিশ্ব শৰ্মা গৌতম আদানী ভূপেন কুমাৰ বৰা