ডিজিটেল ডেস্ক: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। মহানগৰীৰ বিভিন্ন প্ৰান্ততো চোৰৰ উপদ্ৰৱে জ্বলা-কলা খুৱাইছে মহানগৰবাসীক। আৰক্ষী প্ৰশাসনৰ ভূমিকাই যেন চোৰক বাধা দিব পৰা নাই।
তেনে সময়তে তিনিখন চুৰি মটৰ চাইকেলসহ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই গভাইত গাড়ী চোৰক। মহানগৰীৰ ফটাশিল আমবাৰী থানাই গ্ৰেপ্তাৰ কৰে এই চোৰদ্বয়ক
ধৃত চোৰ দুটা ক্ৰমে হাজোৰ কাহিদ আলী ওৰফে এক্ৰা আৰু ৰূপচান্দ আলী । ফটাশিল আৰু বৰাগাঁৱতৰ পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰা চোৰদ্বয়ক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় আৰক্ষীয়ে ।
Also Read: মহানগৰীৰ বৰবাৰীত বিমল কাৰ্ছৰ নতুন ডিলাৰশ্বিপ মুকলি...