পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...

পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...
Published on
Updated on

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সমগ্ৰ অসম জোকাৰি যোৱা বহু বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ৰ সম্পৰ্কে সৰৱ হৈ উঠিছিল সমগ্ৰ ৰাজ্য । ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ে দায়িত্বত থকা সময়ত থানাৰ ভিতৰতেই নিশা এগৰাকী যুৱতীক বিবস্ত্ৰ হবলৈ বাধ্য কৰি ফটো তোলা ঘটনাই তোলপাৰ লগাইছিল। ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল আৰক্ষী বিষয়াগৰাকী ।

ইফালে এই জঘন্য কাণ্ড সন্দৰ্ভত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া বৰ্গই অনুসন্ধাৰ লগতে পলাতক অভিযুক্তক বিচাৰি থকাৰ মাজতেই বৃহস্পতিবাৰে পুৱা প্ৰথমে গুৱাহাটীৰ পল্টন বজাৰৰ ৰে'লৱে ষ্টেচনত বিমান ৰয়ক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা বুলি বাতৰি প্ৰকাশ পায় । কিন্তু দৰাচলতে পানীখাইতিৰ ৰে'ল ষ্টেচনহে আৰক্ষী বিষয়াগৰাকীক অচেতন প্ৰায় অৱস্থাত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ।

ৰে'ল কৰ্তৃপক্ষৰ পৰা এই বিষয়ে অসম আৰক্ষীক অৱগত কৰাৰ পিছতেই আৰক্ষীয়ে তেওঁক আটক কৰি গুৱাহাটী লৈ অনাৰ পিছত প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । পৰৱৰ্তী সময়ত তেওঁক ঘগ্ৰাপাৰ থানাৰ আৰক্ষীক তেওঁক গটাই দিয়া হয়। ইফালে ৰে'ল আৰক্ষীৰ খবৰ মতে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে পানীখাইটিত নিজে বিহ পান কৰা বুলি কৈ তেওঁলোকৰ সহায় বিচাৰিছিল ।

ইতিমধ্যেই ঘগ্ৰাপাৰ থানাৰ আৰক্ষীয়ে চিকিৎসাৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে অভিযুক্ত বিমান ৰয়ক সোধা-পোছা অব্যাহত ৰাখিছে যদিও কিয় কি পৰিস্থিতিত এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এনে জঘন্য কাৰ্য সংঘটিত কৰিছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

কিয়নো সম্পূৰ্ণ সুস্থ হৈ উঠি ঘটনাৰ সবিশেষ বিষয়াগৰাকীয়ে স্বীকাৰ নকৰা পৰ্যন্ত এইয়া তেওঁৰ আসুৰিক প্ৰবৃত্তিজনিত দুষ্কাৰ্য আছিল নে কোনো চক্ৰই অতি পৰিকল্পিতভাৱে এই কাৰ্য সংঘটিত কৰিছিল সেই বিষয়ে নিশ্চিত হ'ব পৰা নাযাব । সেয়া যিয়েই নহওঁক বিমান ৰয়ৰ কাণ্ডই অসম আৰক্ষীক বাৰুকৈয়েই লজ্জানত কৰিছে । এনে পৰিপ্ৰেক্ষিত অসম আৰক্ষীৰ শীৰ্ষ মহলে বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰকৃত সত্য উদঘাটন কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো অসম আৰক্ষীৰ ভৱিষ্যতৰ বাবে অতিকে প্ৰয়োজনীয় হৈ পৰিছে ।

পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...
কামৰূপ জিলাত শস্য বীমা সপ্তাহ পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in