সমষ্টি পুনৰ নিৰ্ধাৰণঃ "আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ বৃদ্ধি পাব ৰাজনৈতিক শক্তি"

সমষ্টি পুনৰ নিৰ্ধাৰণঃ "আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ বৃদ্ধি পাব ৰাজনৈতিক শক্তি"
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দেওবাৰে এখনি সংবাদমেল সম্বোধন কৰে কেইবাগৰাকী সাংসদ বিধায়কে । আজিৰ এই সংবাদ মেলত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মোহন, সাংসদ তপন গগৈ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই আৰু বিদায়ক তৰংগ গগৈয়ে ।

সংবাদ মেল সম্বোধন কৰি তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । এই খচৰাই অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগতে ৰাজনৈতিক শক্তি বৃদ্ধি পাব আহোম জনগোষ্ঠীৰো। লগতে আজিৰ সংবাদ মেলত বহুকেইজন বিৰোধী বিধায়কে মিছা কথাৰে ভিত্তিহীনভাৱে ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই আছে বুলিও মন্তব্য প্ৰদান কৰে সাংসদ বিদায়কসকলে।

সংবাদমেলত উপস্থিত বিজেপিৰ সাংসদ বিধায়কসকলে কয় যে, " আমি চাওলোং চ্যুকাফাৰ একতাৰ আদৰ্শত বিশ্বাসী । চাওলোং চ্যুকাফাই অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লৈ বৰ অসম গঢ়িছিল। মাত্ৰ গগৈ উপাধিৰে নহয় বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই, বৰুৱা, বৰবৰুৱা, ফুকন, বৰফুকন সন্দিকৈ আদি কৰি প্ৰতিজন আহোমক লগত লৈ আহোমৰ স্বাভিমান আৰু সকলোকে লৈ এখন সমৃদ্ধিশালী অসম গঢ়িব লাগিব । এয়াই চ্যুকাফাৰ দৰ্শন। ইয়াৰ বিপৰীতে ৰাজনৈতিক স্বাৰ্থৰ বাবে আঁহফলা ৰাজনীতিৰে পৰিৱেশ বিনষ্ট কৰা লোকক প্ৰশ্ৰয় নিদিয়া বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ।"

লগতে কয় যে, "শিৱসাগৰ, নাজিৰা, সোণাৰি, থাওৰা, মাহমৰা, মৰাণ, নাহৰকটীয়া আদি প্ৰতিটো সমষ্টিতে আহোম ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । মিছা প্ৰচাৰ চলাই থকাটো অভিসন্ধিমূলক । এক শতাংশ ভোটো হ্ৰাস পোৱা নাই সমষ্টি কেইটাত ।"

সমষ্টি পুনৰ নিৰ্ধাৰণঃ "আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ বৃদ্ধি পাব ৰাজনৈতিক শক্তি"
বিত্তমন্ত্ৰী অজন্তা নেওঁগলৈ “গোলাঘাট গৌৰৱ বঁটা” প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in