ডিজিটেল ডেস্কঃ বিজেপিৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ হ'ল দলটোৰ নেতা অনুৰাগ চলিহা। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এই ব্যৱস্থা লয় নেতাগৰাকীৰ বিৰুদ্ধে।
বিজেপি নেত্রীৰ আত্মহনন ঘটনাৰ বিতৰ্কত আছিল অনুৰাগ চলিহা। সেই অনুসৰি ঘটনাত নাম সাঙোৰ খোৱাত এই ব্যৱস্থা লয় বিজেপিৰ দলীয় কৰ্তপক্ষই।
উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোত আপত্তিজনক ফটো ভাইৰেল হোৱাত এগৰাকী বিজেপি নেত্রীয়ে আত্মহনন কৰে। আত্মহনন কৰা নেত্ৰীগৰাকী আছিল বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰ। মহানগৰীৰ বামুণীমৈদামৰ বাসগৃহত আত্মহত্যা কৰে ইন্দ্রাণী তহবিলদাৰে।
ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইয়াৰ পাছতেই শনিবাৰেও ব্যাপক চৰ্চা লাভ কৰা বিষয়টোত জড়িত থকাৰ অভিযোগত বিজেপিৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয় দলটোৰ নেতা অনুৰাগ চলিহাক।
Also Read: মহানগৰীত পুনৰ পিষ্টল দেখুৱাই মহিলাৰ চেইন কাঢ়ি নিয়া ঘটনা