ডিজিটেল ডেস্কঃ প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ভাতৃ কৰুণা ৰাভা অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । গুৱাহাটী হেলথ চিটি হাস্পাটালত চিকিৎসাধীন হৈ থকা পুত্ৰৰ বাবে জোনমণি ৰাভাৰ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে সহায়ৰ আহ্বান জনাইছিল । এই সহায়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অসম প্ৰদেশ বিজেপিয়ে ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই হাস্পাটালত সাক্ষাৎ কৰে জোনমণি ৰাভাৰ ৰোগীয়া ভাতৃ আৰু মাতৃক । চিকিৎসালয়ত কৰুণা ৰাভাৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ বাবে অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা ২ লাখ টকা প্ৰদান কৰা হয় । আজিৰ এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে বিধায়ক দিগন্ত কলিতাৰ লগতে দলটোৰ বহুকেইজন নেতা কৰ্মীয়ে।