ডিজিটেল ডেস্কঃ মানৱ সম্পদ সেৱা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান ভেণ্টেজ চাৰ্কোলে চহৰীয়া ব্লাড চেণ্টাৰৰ সহায়ত ৰক্তদান দিৱসৰ প্ৰাক ক্ষণত ৰক্তদান শিবিৰৰ আয়োজন কৰে । গুৱাহাটী ছয়মাইলস্থিত কাৰ্যালয় চৌহদত মঙ্গলবাৰে অনুষ্ঠিত হোৱা এই শিবিৰত সংস্থাটোৰ কৰ্মচাৰী সকলে স্বইচ্ছাই অংশগ্ৰহণ কৰে ।
বিশ্ব ৰক্তদান দিৱসে বিশ্বব্যাপী জীৱন ৰক্ষা তথা স্বাস্থ্যসেৱা উন্নতকৰণৰ ক্ষেত্ৰত ৰক্তদানৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । এই ভূমিকাক স্বীকাৰ কৰি ভেন্টেজ চাৰ্কোলৰ কৰ্মচাৰীসকলে মানৱ কল্যাণৰ উদ্দেশ্য়ৰে এই পদক্ষেপ গ্ৰহণ কৰে ।
এই সন্দৰ্ভত ভেণ্টেজ চাৰ্কোলৰ চি.টি.অ. তথা সহ প্ৰতিষ্ঠাপক অঞ্জন পাঠকে কয়, " এই মানৱীয় পদক্ষেপৰ বাবে আমাৰ কৰ্মচাৰীসকলৰ পৰা পোৱা ইতিবাচক সঁহাৰিৰ বাবে আমি আনন্দিত হৈছো।" লগতে এই পদক্ষেপৰ সন্দৰ্ভত চহৰীয়া ব্লাড চেণ্টাৰৰ জ্য়েষ্ঠ চিকিৎসা বিষয়া ডাঃ ৰবিন শইকীয়াই কয়, " ভেণ্টেজ চাৰ্কোলৰ দৰে আগশাৰীৰ সংস্থাৰ সৈতে সহযোগ কৰি আমি আনন্দিত হৈছো । বৰ্তমানৰ সময়ত ৰক্তদানৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমাৰ প্ৰচেষ্টা বৃদ্ধি কৰা আৰ্তজনৰ বাবে সহায় কৰাত আমি গুৰুত্ব প্ৰদান কৰো । এই প্ৰচেষ্টাই মানৱ জীৱন ৰক্ষাৰ ক্ষেত্ৰত বহুমূলীয়া অৱদান আগবঢ়াব সেয়া নিশ্চিত । "
Also Read: বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী