উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত কাৰ এই মৃতদেহ...

মৃতদেহৰ নাই কাপোৰ...
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত কাৰ এই মৃতদেহ...
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত কাৰ এই মৃতদেহ...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। ব্ৰহ্মপুত্ৰত উটি অহা এই মৃতদেহটোক লৈ সৃষ্টি হৈছে চাঞ্চল্য। অৱশ্যে এতিয়ালৈকে এই মৃতদেহ চিনাক্ত কৰা হোৱা নাই।

দেহত পোচাক নথকা অৱস্থাত উদ্ধাৰ হোৱা এই মৃতদেহটো এজন মধ্যবসীয়া ব্যক্তিৰ বুলি সন্দেহ কৰা হৈছে। কিন্তু তেওঁ কোন, ক'ৰ পৰা এই মৃতদেহ উটি আহিছে, কিদৰে তেওঁৰ মৃত্যু হৈছে সেই সন্দৰ্ভত কোনো তথ্যই এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।

উল্লেখ্য যে, বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হৈ থকাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফ, এন ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে। গুৱাহাটীৰ উপৰিও ধুবুৰীৰ ভাৰত-বাংলাদেশ সমীন্ততো তেওঁৰ সন্ধানত উদ্ধাৰ অভিযান চলি আছে।

আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ ভাষ্য অনুসৰি ৰমেন ডেকাৰ মোবাইলৰ অন্তিম লোকেচন ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা গৈছিল। সেই স্থানতেই গৈ স্নিফাৰ দগো ৰৈছিলগৈ। আৰক্ষীয়ে ব্ৰহ্মপুত্ৰলৈ নামি যোৱা খোজৰ চিন প্ৰত্যক্ষ কৰিছে যদিও ওপৰলৈ উঠি অহাৰ কোনো তেনে খোজ পোৱাৰ প্ৰমাণ নাই।

সেয়ে ব্ৰহ্মপুত্ৰত ৰমেন বৰুৱাক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত আছে। কিন্তু এই পৰ্যন্ত তেওঁৰ কোনো সম্ভেদ উলিয়াব পৰা নাই। সেয়ে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে উৎকণ্ঠাৰ সৃষ্টি কৰিছে। কিন্তু এই মৃতদেহ ৰমেন বৰুৱাৰ নহয় বুলি স্পষ্ট হৈছে।

উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰত কাৰ এই মৃতদেহ...
মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনাঃ খেল পথাৰলৈ বটল, কাপ দলিয়ালে দৰ্শকে, Video

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in