আকৌ জঘণ্য অপৰাধঃ মালিগাঁৱত কোনে বস্তাত ভৰাই পেলাই দিলে অচিনাক্ত ব্যক্তিক...

আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ ওলাই আছে এটা চকু
আকৌ জঘণ্য অপৰাধঃ মালিগাঁৱত কোনে বস্তাত ভৰাই পেলাই দিলে অচিনাক্ত ব্যক্তিক...
আকৌ জঘণ্য অপৰাধঃ মালিগাঁৱত কোনে বস্তাত ভৰাই পেলাই দিলে অচিনাক্ত ব্যক্তিক...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। এইবাৰ গুৱাহাটীৰ মালিগাঁৱত এটা বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে পুৰুষৰ এই মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছে। মৃত দেহটোৰ এটা চকু ওলাই আছে। এই মুহূৰ্তলৈকে অৱশ্যে মৃতদেহটো চিনাক্ত কৰা হোৱা নাই।

আৰক্ষী সূত্ৰত জানিব পৰা মতে মালিগাঁৱৰ শ্বাটল গেটত ৰে'ল লাইনৰ কাষত উদ্ধাৰ হৈছে এই মৃতদেহ। প্ৰথমে স্থানীয় লোকে এই মৃতদেহ প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। জালুকবাৰী আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে সন্দেহ কৰা মতে যিহেতু ৰে'ল লাইনৰ কাষত এই মৃতদেহ উদ্ধাৰ কৰা হৈছে সেয়ে কোনো দুৰ্বৃত্তই চলন্ত ৰে'লৰ পৰা পেলাই দিয়াৰো সন্দেহ কৰিছে। আনফালে আকৌ আৰক্ষীয়ে সন্দেহ কৰিছে নিশা কোনোবাই এই অপৰাধ সংঘটিত কৰিছে।

মন কৰিবলগীয়া যে, পূৰ্বেও মালিগাওঁ অঞ্চলৰ কামাখ্যা ষ্টেচনৰ কাষতে বস্তাত ভৰাই থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হৈছিল। আজি আৰক্ষীয়ে পুনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত তদন্ত আৰম্ভ কৰিছে। উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে।

আকৌ জঘণ্য অপৰাধঃ মালিগাঁৱত কোনে বস্তাত ভৰাই পেলাই দিলে অচিনাক্ত ব্যক্তিক...
বিধানসভাত গৃহীত 'দ্যা আছাম ৰিপিলিং বিল-২০২৪': অতীত হ'ল কাজি প্ৰথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in