গুৱাহাটী বিমানবন্দৰৰ নতুন সূচী : এতিয়াৰে পৰা আৰু ৫ খন নতুন স্থানলৈ উৰিব বিমান...

গুৱাহাটী বিমানকোঠৰ পৰা সংযোজন হ'ব নতুন আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিমানবন্দৰৰ নতুন সূচী : এতিয়াৰে পৰা আৰু ৫ খন নতুন স্থানলৈ উৰিব বিমান...

ডিজিটেল সংবাদ, পলাশবাৰী: বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আগন্তক গ্ৰীষ্মকালীন সময়ৰ বিমানসেৱাৰ অনুসূচী ঘোষণা কৰা হয়। এই গ্ৰীষ্মকালীন অনুসূচী অনুসৰি, দৈনিক ভিত্তিত বিমানৰ সংখ্যা প্ৰায় ১০ খন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ লগত সংগতি ৰাখি বিমানকোঠ কৰ্তৃপক্ষই ৫ খনকৈ নতুন ঠাইলৈ বিমানসেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ঠাইকেইখন ক্ৰমান্বয়ে ভুবেনেশ্বৰ, গোৱা ম'পা, ডেহৰাডুন, যৌধপুৰ আৰু কইম্বাট'ৰ। উল্লেখযোগ্য যে, এইকেইখন স্থানলৈ পূৰ্বতে গুৱাহাটীৰ পৰা প্ৰত্যক্ষভাৱে কোনো বিমানসেৱা নাছিল।

তাৰোপৰি, গ্ৰীষ্মকালীন অনুসূচী অনুসৰি, এখন নতুন আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ মুকলি কৰা হ'ব। গুৱাহাটীৰ পৰা পোনপটিয়াকৈ ভূটানৰ পাৰোৰ লৈকে এই বিমানসেৱা পৰিচালনা হ'ব। গ্ৰীষ্ম কালীন অনুসূচী অনুসৰি সপ্তাহত প্ৰায় ৫৭২ খন বিমানসেৱা গুৱাহাটীৰ পৰা পৰিচালনা কৰা হ'ব। তাৰোপৰি দেশৰ মুখ্য চহৰসমূহলৈ বিমানউৰণৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

গ্ৰীষ্মকালীন ঋতুত, গুৱাহাটী বিমানকোঠৰ তিনিখন উৰ্দ্ধত থকা বিমানসেৱা ক্ৰমে ইন্দিগো', এয়াৰএচিয়া আৰু ফ্লাইবিগে সপ্তাহত ক্ৰমান্বয়ে ২০৩ খন, ৭৭ খন আৰু ৪৮ খনকৈ বিমান উৰণৰ সংখ্যা নিৰ্দ্ধাৰণ কৰিছে।

Also Read: ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

ASSAM GOVERNMENT