গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী : কি ক'লে উপাচাৰ্যই...

গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী : কি ক'লে উপাচাৰ্যই...

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই নিয়ন্ত্ৰিত হৈছে মাৰ্কশ্বিটৰ কোটিটকীয়া কেলেংকাৰী। কম্পিউটাৰাইজ ব্যৱস্থাৰে জড়িত থকা একাংশই মাৰ্কশ্বিট জালিয়াতিৰ কাণ্ড সংঘটিত কৰিছিল। শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনত মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱা বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত মন্তব্য কৰিছিল। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত মুখ খুলিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। ছাত্ৰ একতা সভাই কৰা মন্তব্য অনুসৰি ধনৰ বিনিময়ত বৃদ্ধি কৰা হয় একাংশ শিক্ষাৰ্থীৰ নম্বৰ।

কেছ ফৰ মাৰ্কচ কেলেংকাৰীৰে জড়িত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰে বিভিন্ন বিভাগৰ ভালেসংখ্যক লোক। এই কেলেংকাৰীৰে জড়িত আছে দুষ্ট চক্ৰও। ইতিমধ্যে এই কু-কাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি এনেধৰণৰ ৬টা ঘটনা পোহৰলৈ আহিছে।

লগতে উল্লেখ কৰে যে এই সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে তদন্ত চলাই আছে। ইয়াৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায়সংখ্যক মহাবিদ্যালয়তে এনে দালাল চক্ৰ থকাৰ অভিযোগ প্ৰকাশ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমানজিত ডেকাই।

সাধাৰণ সম্পাদক ডেকাই অভিযোগ কৰে যে এই কেলেংকাৰীত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীও জড়িত থকা বুলি কয়। বেক উঠোৱাৰ নামত প্ৰতিটো বিষয়ত ১৬হাজাৰ টকা ঘোচ লোৱাৰো গুৰুতৰ অভিযোগ তোলে ছাত্ৰ একতা সভাই। অভিযোগ অনুসৰি গোৱালপাৰা জিলাত আছে এটা বৃহৎ দালাল চক্ৰ।

ইফালে এই কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়েও কেতবোৰ মন্তব্য কৰে। তেঁও কয় যে 'আই ইউ এম এছ'ৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সকলো তথ্য আৰু নম্বৰ তালিকা আপলোড কৰা হয়। এই ব্যৱস্থাটো যিটো সংস্থাক তদাৰক কৰিবলৈ দিয়া হৈছিল সেই নিৰ্দিষ্ট সংস্থাটোৰে ২০২২চনতে চুক্তিৰ ম্যাদ উকলি গৈছে।

অৱশ্যে বৰ্তমানেও যিসকল শিক্ষাৰ্থীয়ে ৬ষ্ঠ ষাণ্মাষিকত অধ্যয়ন কৰি আছে তেঁওলোকৰ সকলো ডাটা আই ইউ এম এছতে আছে। ৬ষ্ঠ ষাণ্মাষিকৰ পৰীক্ষা দি উঠাৰ পাছত শিক্ষাৰ্থীসকলৰ আই ইউ এম এছ ব্যৱস্থাৰ সৈকে কোনো সম্পৰ্ক নাথাকে বুলি তেঁও মন্তব্য কৰে। নতুন শিক্ষা বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ এই প্ৰক্ৰিয়াটোত কোনো ডাটা এন্ট্ৰি কৰা নহয়।

২০২২ চনত শিক্ষামন্ত্ৰীৰে হোৱা আলোচনা মৰ্মে আই ইউ এম এছ ব্যৱস্থাৰ বিকল্প হিচাপে নতুন কিবা প্ৰক্ৰিয়াৰে শিক্ষাৰ্থীসকলৰ তথ্য বা মাৰ্কশ্বিট আপলোড কৰাৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েহে চিন্তা কৰিছিল বুলি উপাচাৰ্যগৰাকীয়ে কয়। লগতে কয় যে কেছ ফৰ মাৰ্কচ ঘটনাৰ বাবে ইতিমধ্যে আই ইউ এম এছ কৰ্তৃপক্ষলৈ চিঠি-পত্ৰ প্ৰেৰণ কৰিছে। শীঘ্ৰেই ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটাৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বিট জালিয়তিৰ তথ্য পোহৰলৈ অহাত এই সমগ্ৰ ঘটনা চৰ্চালৈ আহিছে।

মহাবিদ্যালয়খনৰ ছাত্ৰজন বৰ্তমান স্নাতকৰ ষষ্ঠ ছেমিষ্টাৰত অধ্যয়নৰত। তেঁও প্ৰথম, তৃতীয়, চতুৰ্থ আৰু পঞ্চম ছেমিষ্টাৰৰ নম্বৰ এই চক্ৰটোৰ জৰিয়তে বৃদ্ধি কৰা হৈছিল। আনকি বিশ্ববিদ্যালয়ৰ ৱেবচাইটতো সেই জালিয়াতিৰ মাৰ্কশ্বিট আপলোড কৰিছিল চক্ৰটোৱে।

গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী : কি ক'লে উপাচাৰ্যই...
দুই নম্বৰী 'নম্বৰ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in