ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে গৰু ছিণ্ডিকেট। চোৰাং গৰুৰ সৰবৰাহকাৰীয়ে এতিয়া ১০/১৬ চকীয়া ট্ৰাকেৰে সংগোপনে সৰবৰাহ কৰে গৰু। উজনি অসমৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা ৪৯ টা গৰু ১ আগষ্ট, ২০২৩ ৰ পুৱা ধৰা পৰে সোণাপুৰত।
এ এছ ০১ এন চি ৮৯৭৬ নম্বৰৰ ট্ৰাকখনেৰে ৪৯ টা গৰু কঢ়িয়াই আনিছিল চক্ৰটোৱে। সোণাপুৰ আৰক্ষীয়ে তালাচীৰ সময়ত বাহনখন পৰীক্ষা কৰোটে তীৰপালেৰে ঢাকি অনা বাহনখনৰ ভিতৰত সেই গৰু কেইটা ধৰা পৰে।
আৰক্ষীয়ে জব্দ কৰা গৰু কেইটা নুনমাটি নেপালীচকত থকা জি এম চিৰ গৰু খোবালৈ প্ৰেৰণ কৰাৰ সময়ত বাহনখনৰ ভিতৰত থকা কেইবাটাও গৰু মৃত্যু হোৱা বুলি গম পায়। আৰক্ষীয়ে গৰু খোবাটোলৈ জীৱিত ৩৭ টা গৰু স্থানান্তৰিত কৰে যদিও ১২ টা মৃত গৰু নেপালীচকৰ সমীপতে ট্ৰাকৰ ভিতৰতে দীৰ্ঘ সময় ধৰি পেলাই থয়।
মৃত গৰুৰ পৰা ওলোৱা দুৰ্গন্ধই সমগ্ৰ পৰিৱেশটোৱেই বিনষ্ট কৰি পেলায়। চৰকাৰে গো-হত্যা বন্ধ আৰু গো-ছিণ্ডিকেটৰ বিৰুদ্ধো কঠোৰ ব্যৱস্থা লোৱা হৈছে বুলি সতৰ্কবাণী শুনাই থকাৰ মাজতেই সমান্তৰালভাৱে চলি আছে গৰুৰ চোৰাং সৰবৰাহৰ কাৰবাৰ।
বন্যপ্ৰেমী সংস্থা তথা ব্যক্তিসকলেও এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰাতো মন কৰিবলগীয়া। স্থানীয় লোকে অচিৰেই মৃত গৰুসমূহক উপযুক্ত স্থানত পুতি থোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
আৰক্ষীয়ে এই কাম জি এম চিৰ বুলি দায়িত্ব সামৰিছে। উৎকট গৰমৰ মাজতে ট্ৰাকখনৰ ভিতৰত থকা মৃত ১২ টা গৰুৱেই কি পৰিৱেশৰ সৃষ্টি কৰিব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি।
Also Read: গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি আত্মহত্যা কৰিলে শিক্ষক স্বামীয়ে...