ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিহু সুৰক্ষা সমিতি,অসমৰ। শুকুৰবাৰে জনতা ভৱনত সমিতিৰ কাৰ্যকৰী সভাপতি তথা প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান পবিত্ৰ মহন ফুকন,বৰ্তমানৰ সম্পাদক প্ৰধান ৰেব বৰা,অন্যতম মুখ্য উপদেষ্টা ড০ প্ৰদীপ নেওগ কৰ্ণধাৰ সমিতিৰ সদস্য পবিত্ৰ কুমাৰ শৰ্মা,সদস্যা আশা চাংমাই, ৰঞ্জিৱ শৰ্মা আদিয়ে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰে।
সাক্ষাৎ কালত বিহু সুৰক্ষা সমিতি অসমৰ সজাতি দলটোৱে মুখ্যমন্ত্ৰীক আবেদনসহ প্ৰস্তাৱিত বহুকেইটা সিদ্ধান্ত আগবঢ়ায়। জানিবলৈ দিয়ে মতে মুখ্যমন্ত্ৰীৰ ইতিবাচক সহাৰিয়ে বিহু সুৰক্ষা সমিতি,অসমৰ কাম-কাজক অধিক গতিশীল কৰাৰ ঈঙ্গিত বহন কৰিছে বুলি জনায়।
মুখ্যমন্ত্ৰী আৰু বিহু সুৰক্ষা সমিতি,অসমৰ আলোচনাত বিশেষভাৱে গুৰুত্ব পোৱা বিষয়সমূহ হৈছে- শিক্ষা বিভাগত অষ্টম,নৱম,দশম শ্ৰেণীৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈকে বিহু বিষয়ৰ পাঠ্যক্ৰম প্ৰচলনৰ ব্যৱস্থা কৰা। উচ্চতৰ মধ্যমিকৰ একাদশ,দ্বাদশ শ্ৰেণীত বিহু বিষয়ৰ ব্যৱহাৰিক পাঠদান কৰি থকা শিক্ষক, শিক্ষয়ত্ৰীসকলক পাৰিতোষিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা।
লোককৃষ্টি-সংস্কৃতিক লৈ ব্যৱসায় নকৰা সঁচা অৰ্থত বিহুৰ গৱেষক,সাধকক লৈ চৰকাৰীভাৱে এখন বিহু বিষয়ৰ চেঞ্চৰ ব'ৰ্ড গঠন কৰি বিহুক শুদ্ধ আৰু পৰম্পৰাগত ৰূপত প্ৰদৰ্শন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। বিহুৰ পৰিবেশ্য কলাসমূহক সংগীত হিচাপে বিশ্বৰ সকলোৱে শিকিব আৰু চৰ্চা কৰিব পৰাকৈ ছপা আৰু দৃশ্য-শ্ৰাব্য ব্যৱস্থাৰ যোগেদি এক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে বিহু সুৰক্ষা, সমিতি, অসমলৈ পুজি আৱন্টন।
ইয়াৰোপৰি বিহুবাদ্য তথা অসমৰ সাৰ্বজনীন লোকবাদ্য নিৰ্মাণৰ শিক্ষা গ্ৰহণৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি নিৱনুৱাসকলক জলপানিসহ শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা।জাতীয় উৎপাদনী অৰ্থনীতিৰ ভেটিতহে বিহুৰ ঐতিহ্য পৰম্পৰা অক্ষুন্ন ৰাখিব পৰা যাব। এই কথা আগত ৰাখি জাতীয় বস্ত্ৰ উৎপাদন, জাতীয় খাদ্য,জা-জলপান উৎপাদনৰ বাবে চৰকাৰী সহযোগিতাৰে বিহু সুৰক্ষা সমিতি,অসমৰ সাংস্কৃতিক সংগ্ৰামখনক গতিশীল কৰাৰ বিষয়টোৱে আলোচনাত বিশেষভাৱে গুৰুত্ব পায় বুলি উল্লেখ কৰে।
সমিতিৰ বিষয়-ববীয়াই উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীয়ে পৰবৰ্তী সময়ত আৰু এলানি আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সজাতি দলটোৰ হৈ উক্ত আলোচনাৰ আঁত ধৰে কাৰ্যকৰী সভাপতি পবিত্ৰ মহন ফুকনে।