ডিজিটেল সংবাদ, চাংচাৰীঃ ১৪ এপ্ৰিলত এক কোটি দহ লাখ আয়ুস্মান কাৰ্ড মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে । এইমছ গুৱাহাটীৰ লগতে তিনিখন মেডিকেল কলেজ আৰু আয়ুস্মান কাৰ্ডৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
দেওবাৰে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ অগ্ৰগতিৰ বুজ লবলৈ এইমছত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সভাৰ স্থান, গাড়ী পাৰ্কিং, সুৰক্ষা ব্যৱস্থা, পথ, চৌহদৰ ফুলনি বাগিছা, বৃক্ষৰোপণকে ধৰি অন্যান্য কাম সমূহ পৰিদৰ্শন কৰি বাকী থকা কাম সমুহ ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ মুখমন্ত্ৰী গৰাকীৰ ।
চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হৈ ৰাজ্যবাসীৰ বাবে ১৪ এপ্ৰিল দিনটো এক ঐতিহাসিক দিন হব বুলি ঘোষনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ৰাজ্যবাসীৰ পৰম আকাংক্ষিত গুৱাহাটী এইমছ মুকলিয়ে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, উপাযুক্ত কীৰ্তি জলীকে ধৰি বহুকেইগৰাকী বিষয়াই ।
Also Read: অসম বৈদিক বৈষ্ণৱ মহাসভাৰ শিশু যুৱ আৰু মহিলা সমাৰোহ সামৰণি...