ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ে ফিজিওলজিকেল হেলথ এণ্ড পাৰফেকচন এফ পাচনেলিটী শীৰ্ষক বছৰযোৰা এক অনলাইন বক্তৃতামালাৰ আয়োজন কৰিছে । ১৫ আগষ্টত এই বক্তৃতামালাৰ শুভ আৰম্ভণি হ'ব। প্ৰতিটো সপ্তাহত সন্ধিয়া সময়ত দুদিনকৈ এই বক্তৃতাসমূহ প্ৰদান কৰা হ'ব।
অসমীয়া আৰু ইংৰাজী উভয় ভাষা যথাযোগ্যভাৱে সংমিশ্ৰণ কৰি প্ৰদান কৰিবলগীয়া এই বক্তৃতা শৃংখলাটো ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে অনুমোদন জনাইছে।
প্ৰৱেশিকা অথবা তাৰ সমপৰ্য্যায়ৰ যিকোনো পৰীক্ষা উত্তীৰ্ণ যিকোনো ব্যক্তিয়েই এই বক্তৃতা শৃংখলাটোৰ এগৰাকী শ্ৰোতা হিচাপে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰি এককালীন ১৫০১ টকা পঞ্জীয়ন মাছুল আদায় দি নিজৰ নাম পঞ্জীভুক্ত কৰিব পাৰিব। এই বক্তৃতাসমূহত নিয়মীয়া অংশগ্ৰহণকাৰী প্ৰতিগৰাকী পঞ্জীয়নভুক্ত শ্ৰোতাকেই কটন বিশ্ববিদ্যালয়ে যথাৰীতি উপযুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰিব।
প্ৰণিধানযোগ্য যে "মনস্তাত্ত্বিক স্বাস্থ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা" শীৰ্ষক এশটা বক্তৃতা সম্বলিত এনে বক্তৃতা শৃংখলা বিশ্ববিদ্যালয়সমূহৰ ইতিহাসত এই পোনপ্ৰথমবাৰৰ বাবে অসমৰ কটন বিশ্ববিদ্যালয়ে আয়োজন কৰিছে । সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনে এক বক্তৃতা সচাকৈয়ে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।
এটা লিংকৰ জৰিয়তে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্ৰৱেশ কৰিলেই এই বক্তৃতা শৃংখলাটোৰ বিষয়ে বিশদভাৱে শ্ৰোতাসকলে জানিব পাৰিব লগতে লাভ কৰিব অনলাইন প্ৰ পত্ৰ । লিংকটো হৈছে https://cottonuniversity.ac.in/index_post_details?p=1661
অনলাইন প্ৰপত্ৰখন শ্ৰোতাসকলে https://forms.gle/rXPrjnqokyZm3cha6 এই লিংকৰ সহায়ত লাভ কৰিব । প্ৰ-পত্ৰখন পূৰণ কৰোঁতে অসুবিধাৰ সন্মুখীন হ'লে সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব অংশগ্ৰহণ কৰিব বিচৰা শ্ৰোতাসকলে 94356 39901 / 94355 56734 / 88602 26697 / 87619 49329, 70021 62047 ।
Also Read: পথৰ ওপৰত কঠিয়া সিঁচি প্ৰতিবাদ পুৰণি বলাই গাঁৱবাসীৰ