চি পি আই(এম)ৰ সংবাদমেল : পানী যোগান প্ৰকল্পৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি,অনিয়ম আৰু ব্যৰ্থতাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী

মহানগৰীত এতিয়া পানীৰ ভীষণ সংকটে দেখা দিছে ৷ প্ৰতিদিনে হেজাৰ হেজাৰ পৰিয়ালে পানী কিনি খাবলগীয়া হৈছে

author-image
Asomiya Pratidin
New Update
চি পি আই(এম)ৰ সংবাদমেল : পানী যোগান প্ৰকল্পৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি,অনিয়ম আৰু ব্যৰ্থতাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী

ডিজিটেল ডেস্কঃ বিভিন্ন দিশত চৰকাৰৰ ব্যৰ্থতা উদঙাই চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ সংবাদমেল। গুৱাহটী মহানগৰীৰৰ ৰাজ্যিক কাৰ্যালয়ত মঙলবাৰে দলটোৱে এক সংবাদমেল অনুষ্ঠিত কৰে।

আনহাতে, সংবাদমেলখন সম্বোধন কৰে ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে আৰু উপস্থিত থাকে ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য অজিত দাস আৰু নিৰংকুশ নাথ। সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্যিক সম্পাদক তালুকদাৰে উল্লেখ কৰে যে, যোৱা ২৫ মে’ত গুৱাহাটীৰ খাৰঘূলিৰ জয়পুৰত নিৰ্মিয়মান পানী যোগান আঁচনিৰ বৃহদাকাৰৰ পাইপ ফুটি ভয়ানক জলবিস্ফোৰণ হৈছিল। ফলত সুমিত্ৰা ৰাভাৰ কৰুণ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ লগতে ২২টা পৰিয়ালৰ সা-সম্পত্তিৰ গুৰুতৰ ক্ষতি হোৱাৰ ঘটনাই মহানগৰীত পানী-যোগান আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত ত্ৰুটি -বিচ্যুতি, শোচনীয় ব্যৰ্থতা আৰু অনিয়মৰ বিষয়বোৰ পুনৰ চৰ্চালৈ আনিছে ৷

তেওঁ কয় যে, বিশেষজ্ঞসকলে ইতিমধ্যে অভিমত প্ৰকাশ কৰিছে যে, প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত হোৱা চূড়ান্ত বিলম্বক ঢাকিবৰ বাবে ততাতৈয়াকৈ আৰু প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা নোলোৱাকৈ মহানগৰীৰ একাংশত যিদৰে পানী যোগান আৰম্ভ কৰিলে ইয়াৰ ফলত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ৷ এইটো ধুৰূপ যে নিয়মীয়াভাৱে পৰীক্ষণৰ ব্যৱস্থা নকৰিলে আৰু অধিক এনেধৰণৰ দুৰ্ঘটনা ঘটাৰ আশংকা আছে বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি কয় যে, দুৰ্ঘটনাৰ পাছতো খাৰঘুলিৰ পাহাৰৰ বিস্তীৰ্ণ অঞ্চলত এই পাইপ এতিয়াও বিপদজ্জনকভাৱে উন্মুক্ত হৈ আছে ৷

সংবাদমেলখনৰ দ্বাৰা দলটোৱে উল্লেখ কৰে যে, গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ কাম ২০০৯ চনৰ মাৰ্চতে আৰম্ভ হৈছিল ৷ আনহাতে গুৱাহাটী দক্ষিণ-মধ্য প্ৰকল্প ২০১১ চনৰ ফেব্ৰুৱাৰীত, উত্তৰ গুৱাহাটী প্ৰকল্প ২০১৪ চনৰ জুলাইত আৰু গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ কাম ২০১৩ চনৰ আগষ্টত আৰম্ভ কৰা হৈছিল ৷

গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ বাবে ৩৮৯ কোটি টকা, দক্ষিণ-মধ্য প্ৰকল্প আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে মুঠ প্ৰায় ১৯০০ কোটি টকা আৰু দক্ষিণ-পূব গুৱাহাটী প্ৰকল্পৰ বাবে ৮৫৭ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পৰ বাবে ধনৰ যোগান ধৰিছিল জৱাহৰলাল নেহৰু নেচনেল আৰবান ৰিনিউৱেল মিছন (জেএনএনইউআৰ এম)-এ ৷

একেদৰে, দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ বাবে ‘জাইকা’ (Japan International Co-operation agency) আৰু দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ বাবে এডিবি (Asian Development Bank)-এ পুঁজিৰ যোগান ধৰিছিল ৷ দক্ষিণ-পশ্চিম প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল ২০১২ চনৰ মাৰ্চ।

আনহাতে, দক্ষিণ-মধ্য প্ৰকল্পৰ ২০১৫ চনৰ জানুৱাৰী, উত্তৰ গুৱাহাটী-প্ৰকল্পৰ ২০১৪ চনৰ জুলাই আৰু গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ বাবে সম্পূৰ্ণকৰণ সময় সীমা পুনৰ-নিৰ্ধাৰণ কৰি স্থিৰ কৰা হয় ২০২১ চনৰ ছেপ্টেম্বৰলৈকে ৷ কিন্তু প্ৰকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷

তাৎপৰ্যপূৰ্ণ যে, উত্তৰ গুৱাহাটীৰ সৰু প্ৰকল্পটো বাদ দিলে বৃহৎ ৩টা প্ৰকল্পৰ ২টা প্ৰকল্পৰ কামেই এতিয়া বন্ধ হৈ আছে বুলি উল্লেখ কৰে ৷ ২০০৯ চনৰ মাৰ্চত আৰম্ভ কৰা গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পটো ১৪ বছৰতো সম্পূৰ্ণ নহ’ল ৷

কেন্দ্ৰীয় চৰকাৰৰ জে এন এন ইউআৰ এম-এ এই প্ৰকল্পৰ পুঁজিৰ যোগান ধৰিছিল ৷ কিন্তু ইতিমধ্যে এই মিছন বন্ধ হৈ গৈছে ৷ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত গেমন ইণ্ডিয়াক ২০২২ চনৰ আগষ্টত কাম এৰি যাবলৈ চৰকাৰে অনুমতি দিয়ে ৷ সেয়ে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা এই প্ৰকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ আছে বুলি সংবাদমেলত উল্লেখ কৰে ৷

গুৱাহাটী দক্ষিণ-পূব প্ৰকল্পৰ কাম ২০১৩ চনৰ আগষ্টত আৰম্ভ কৰা হৈছিল ৷ পুঁজিৰ যোগান ধৰিছিল এ ডি বিয়ে ৷ কিন্তু লক্ষ্য অনুসৰি কাম আগবঢ়োৱাত চৰকাৰে ব্যৰ্থ হোৱাৰ বাবে প্ৰথম কিস্তিৰ ধন আদায় দিয়াৰ পাছত ২০২০ চনত এ ডি বিয়ে প্ৰকল্পটোৰ পৰা আঁতৰি যায় ৷ প্ৰকল্প ৰূপায়ণকাৰী সংস্থা আছাম আৰবান ইনফ্ৰাষ্ট্ৰকচাৰ ইনভেষ্টমে’ণ্ট প্ৰজেক্ট (AUIIP)-এ নিউ ডেভেলপমেণ্ট বেংকৰ পৰা ঋণ লবলৈ প্ৰচেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হোৱা নাই ৷

সেয়েহে ২০২০ চনৰ পৰা প্ৰকল্পটোৰ কাম সম্পূৰ্ণ বন্ধ ৷ ‘জাইকা’ই প্ৰয়োজনীয় পুঁজিৰ যোগান অব্যাহত ৰখা সত্বেও গুৱাহাটী দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই, অথচ সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল ২০১৫ চনৰ জানুৱাৰীতে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে উল্লেখ কৰে যে, এই ব্যৰ্থতাৰ বাবে প্ৰবল সমালোচনাৰ সন্মুখীন হৈ প্ৰকল্পবোৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে কিছু সংখ্যক লোকক পানী যোগান ধৰা দেখুৱাবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে খৰ-খেদা লগাইছে ৷ তাৰবাবে গুৱাহাটী দক্ষিণ-মধ্য প্ৰকল্পটোৰ অংশ এটাৰ উদ্বোধন কৰা হৈছে আৰু মাত্ৰ ১৫ শতাংশ পৰিয়ালক পানী যোগানৰ ব্যৱস্থা কৰা হৈছে ৷

কিন্তু সেই যোগানো নিয়মীয়া নহয় ৷ আনহাতে গুৱাহাটী দক্ষিণ-পশ্চিম প্ৰকল্পটোত (যিটোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে বন্ধ হৈ গৈছে) মাত্ৰ ৫ শতাংশ পৰিয়ালক ছেগা-চোৰোকাকৈ পানী যোগান ধৰা হৈছে ৷

প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ কৰাৰ পাছত পানী যোগান ধৰা আৰু প্ৰয়োজনীয় মেৰামতি আদি (Operation and Maintenance)ৰ দায়িত্ব দিবৰ বাবে গঠন কৰা হৈছে জলবোৰ্ড (Guwahati Metropolitan Drinking Water and Sewerage Board) কিন্তু প্ৰকল্পবোৰৰ এটাও যিহেতু সম্পূৰ্ণ হোৱা নাই। সেয়ে এটা অংশ জলবোৰ্ডক দি আন এটা অংশ প্ৰজেক্ট মেনেজমেণ্ট কনচালটেণ্ট সংস্থাৰ হাতত ৰাখিয়েই কাম চলোৱা হৈছে ৷ এনেবোৰ কাৰকৰ ফলত ত্ৰুটি-বিচ্যুতি বাঢ়িছে আৰু দুৰ্ঘটনাৰ আশংকা প্ৰবল হৈ আছে বুলি উল্লেখ কৰে ৷

আনহাতে,চৰকাৰৰ ভয়াৱহ দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভতো দলটোৱে সংবাদমেলযোগে কেতবোৰ মন্তব্য কৰে। প্ৰথমৰে পৰা প্ৰচণ্ড দুৰ্নীতি আৰু অনিয়ম আৰু চৰকাৰৰ শোচনীয় ব্যৰ্থতাৰ বাবেই কেতিয়াবাই সম্পূৰ্ণ হ’বলগীয়া ৩১৪৬ কোটি টকা ব্যয়ৰ পানী যোগান প্ৰকল্পবোৰৰ আধাও এতিয়ালৈকে নিৰ্মাণ হোৱা নাই ৷

লুই বাৰ্জাৰ কেলেংকাৰিৰ মাজেৰে ইতিমধ্যে বৃহৎ দুৰ্নীতি আৰু অনিয়মৰ উমান পোৱা গৈছে ৷ উল্লেখ্যযোগ্য যে ২০১৩ চনলৈকে গুৱাহাটী দক্ষিণ-মধ্য আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ প্ৰজেষ্ট মেনেজমেণ্ট কনচালটেণ্ট (PMC)ৰ দায়িত্বত থকা লুই বাৰ্জাৰে মন্ত্ৰী-আমোলাসকলক উৎকোচ দিয়াৰ কথা তেতিয়াই ৰাজহুৱা হৈছিল ৷

লুই বাৰ্জাৰ কেলেংকাৰিৰ সৈতে জড়িত হোৱা গোৱাৰ দুই মন্ত্ৰী গ্ৰেপ্তাৰ হ’ল ৷ অসমৰ তৎকালীন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও এই কেলেংকাৰিত জড়িত থকাৰ স্পষ্ট অভিযোগ উঠিছিল ৷ যি বিজেপিয়ে এই অভিযোগ উত্থাপন কৰিছিল সেই দলেই হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পাছত সেই অভিযোগক লৈ গোচৰ আৰু তদন্তক আগবঢ়াব নিদিলে বুলি মন্তব্য কৰে ৷

লগতে উল্লেখ কৰে যে, খবৰ পোৱা মতে এই সংক্ৰান্তত ভঙাগড় থানাত ৰুজু হোৱা গোচৰত এফ আই আৰত নাম উল্লেখ থকা ব্যৱসায়ী এজন বৰ্তমান বিজেপি দলৰ বিধায়ক ৷ মন কৰিবলগীয়া যে, এই প্ৰকল্পবোৰৰ ৰূপায়ণৰ কাম চলি থকাৰ দীঘলীয়া সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ আছিল ৷

২০১১ চনত তৰুণ গগৈ নেতৃত্বাধীন তৃতীয়খন মন্ত্ৰীসভাত, আকৌ ২০১৬ চনৰ মে’ মাহৰ পৰা ২০১৭ চনৰ নৱেম্বৰলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী আছিল ৷ সেয়ে লুই বাৰ্জাৰ কেলেংকাৰিত যিদৰে তেওঁৰ নাম সাঙোৰ খাইছে তেনেদৰে প্ৰকল্প ৰূপায়ণত হোৱা চূড়ান্ত ব্যৰ্থতাৰ পৰাও তেওঁ দায় এৰাব নোৱাৰে বুলি তাৎপৰ্য মন্তব্য কৰে ৷

স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ৰাজধানী চহৰ গুৱাহাটীৰ ৭০ শতাংশ মানুহে খোৱাপানীৰ যোগানৰ পৰা বঞ্চিত হৈ থকাটোৱে ৰাজ্য চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাই দিছে ৷ চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে পানী যোগান প্ৰকল্পৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি অনিয়ম আৰু ব্যৰ্থতাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে ৷

ইতিমধ্যে ৰুজু হৈ থকা চি বি আই আৰু ভঙাগড় থানাৰ গোচৰবোৰৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্ত নিশ্চিত কৰা প্ৰয়োজন বুলি উল্লেখ কৰে ৷ গুৱাহাটী মহানগৰীৰ পানীৰ তীব্ৰ সংকটলৈ লক্ষ্য ৰাখি ক্ষিপ্ৰতাৰে আৰু একেসময়তে সুৰক্ষা নিশ্চিত কৰি পানী যোগান প্ৰকল্প কেইটাৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনায় ৷

সংবাদমেলত উল্লেখ কৰে যে, মহানগৰীত এতিয়া পানীৰ ভীষণ সংকটে দেখা দিছে ৷ প্ৰতিদিনে হেজাৰ হেজাৰ পৰিয়ালে পানী কিনি খাবলগীয়া হৈছে ৷ বহু অঞ্চলত কিনা পানী যোগাৰ কৰিবলৈয়ো ২দিন-৩দিন অপেক্ষা কৰিবলগীয়া হৈছে ৷ এনেবোৰ ক্ষেত্ৰত বিনামূলীয়াকৈ টেংকাৰেৰে পানী যোগান ধৰিবলৈ চিপিআই(এম)-এ চৰকাৰৰ ওচৰত দাবী জনায় ৷

Also Read: জম্মু-কাশ্মীৰৰ যুৱকসকলক উচ্চ শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান লেফটেনেণ্ট জেনেৰেল ঔজলাৰ