ডি বি ষ্টক ব্ৰকিঙৰ হায়দৰাবাদৰ কাৰ্যালয়ৰ মেনেজাৰক গ্ৰেপ্তাৰ...

পাণবজাৰ আৰক্ষী থানাত পুনৰ হাজিৰ ৭ জন কৰ্মচাৰী

author-image
Asomiya Pratidin
New Update
ডি বি ষ্টক ব্ৰকিঙৰ হায়দৰাবাদৰ কাৰ্যালয়ৰ মেনেজাৰক গ্ৰেপ্তাৰ...

ডি বি ষ্টক ব্ৰকিঙৰ হায়দৰাবাদৰ কাৰ্যালয়ৰ মেনেজাৰক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ ডি বি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰ তথা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে কেৱল গুৱাহাটীতেই নহয়, হায়দৰাবাদতো কাৰ্যলয় খুলি চলাই গৈছিল লুণ্ঠন। শেহতীয়াকৈ ডি বি ষ্টক ব্ৰকিং কেলেংকাৰীৰ সন্দৰ্ভত হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক।

গ্ৰেপ্তাৰ হোৱা এই লোকজনৰ নাম ভিজ্জি জগদীশ চন্দ্ৰ প্ৰসাদ। তেওঁ আছিল ডি বি ষ্টক ব্ৰকিঙৰ হায়দৰাবাদৰ কুকাটপল্লীত থকা কাৰ্যালয়ৰ মেনেজাৰ। জানিব পৰা মতে জগদীশ চন্দ্ৰ প্ৰসাদে প্ৰায় ৭ কোটি টকা ডি বি ষ্টকত বিনিয়োগ কৰোৱাইছিল।

হায়দৰাবাদৰ অৰ্থনৈতিক অপৰাধ গোটে গ্রেপ্তাৰ কৰি জেৰা চলাই আছে এই মেনেজাৰগৰাকীক। জানিব পৰা মতে ডি বি ষ্টক ব্ৰকিঙৰ বিৰুদ্ধে যোৱা ২৩ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰিছিল ছানাই পানচাকচাৰ নামৰ এজন ভুক্তভোগীয়ে।

ইফালে গুৱাহাটীৰ পাণবজাপ আৰক্ষী থানাত আজি পুনৰ হাজিৰ হৈছে ডি বি ষ্টকৰ ৭ গৰাকী কৰ্মচাৰী। শুকুৰবাৰেও ১২ ঘণ্টা ধৰি তেওঁলোকক জেৰা কৰা হৈছিল। এই জেৰাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হৈছিল।

আজি পুনৰ তেওঁলোক পুৱা ৯ বজাই পাণবজাৰ আৰক্ষী থানাত হাজিৰ হয়। জানিব পৰা মতে শীৰ্ষ আৰক্ষী বিষয়াই পুনৰ জেৰা চলাব কৰ্মচাৰীকেইজনক।

Also Read: মহানগৰীৰ হোটেল, ৰেষ্টুৰেণ্টত খাদ্যৰ নামত বিক্ৰী হয় অখাদ্য...

দীপাংকৰ বৰ্মন ডি বি ষ্টক ব্ৰকিং