ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, সমাজকৰ্মী দেবেন দত্তৰ বিয়োগে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। প্ৰয়াত শিক্ষাবিদগৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল, সংগঠন নেতৃত্বৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকে শোক প্ৰকাশ কৰিছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৱন দত্তৰ বিয়োগত শোক প্ৰকাশ কৰি 'এক্স'ত (আগৰ টুইটাৰ) লিখিছে- বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক শ্ৰদ্ধাৰ দেৱেন দত্তদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক মৰ্মাহত কৰি তুলিছে। ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কটন কলেজৰ প্ৰাক্তন অধ্যাপক দত্তদেৱৰ বিয়োগ অসমৰ সামাজিক আৰু শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক শ্ৰদ্ধাৰ দেৱেন দত্তদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক মৰ্মাহত কৰি তুলিছে। ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কটন কলেজৰ প্ৰাক্তন অধ্যাপক দত্তদেৱৰ বিয়োগ অসমৰ সামাজিক আৰু শৈক্ষিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ… pic.twitter.com/I59fpYJ40b
— Himanta Biswa Sarma (@himantabiswa) August 18, 2023
ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি, তেওঁৰ মৃত্যুকে মৰ্মাহত কৰিছে বুলি উল্লেখ কৰিছে। দেৱেন দত্তৰ মৃত্যু অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে এক অপূৰ্ণীয় ক্ষতি বুলিও তেওঁ উল্লেখ কৰিছে। ডাঃ পেগুৱে লিখিছে, কটন কলেজ (বৰ্তমান বিশ্ববিদ্যালয়)ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট ভাষাবিদ আৰু বাগ্মীতাৰে সকলোকে মোহিত কৰা দেৱেন দত্ত ডাঙৰীয়াৰ বিয়োগৰ বাতৰি পাই মৰ্মাহত হৈছোঁ৷ তেখেতৰ বিয়োগ অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে এক অপুৰণীয় ক্ষতি। দত্ত ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াল আৰু বন্ধু-বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
ৰাজ্যৰ জলসম্পদ, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকায়ো দেৱেন দত্তৰ বিয়োগত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে- বিশিষ্ট বুদ্ধিজীৱী তথা কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্ত ডাঙৰীয়াই যোৱানিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি পাই মৰ্মাহত হৈছোঁ। এক মননশীল ব্যক্তিত্বৰ অধিকাৰী দেৱেন দত্ত ডাঙৰীয়াৰ বিয়োগ অসমৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। দেৱেন দত্ত ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই প্ৰয়াত শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লিখিছে, মাতৃভাষা ৰক্ষা আৰু গ্ৰাহক অধিকাৰ আন্দোলনৰ অক্লান্ত ৰণুৱা দেৱেন দত্ত চাৰৰ মৃত্যুৰ বাতৰিটোৱে মৰ্মাহত কৰিলে । চাৰলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি...।
প্ৰদেশ কংগ্ৰেছেও দেৱেন দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ মৃত্যু জাতিটোৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে। প্ৰদেশ কংগ্ৰেছে লিখিছে, কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, ভাষাবিদ, শিক্ষাবিদ দেবেন দত্ত দেৱৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে। তেখেতৰ মৃত্যু অসমীয়া জাতিটোৰ বাবে এক বৃহৎ ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই লিখিছে, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সুবক্তা ৰূপে পৰিচিত, কটন কলেজৰ প্ৰাক্তন উপাধক্ষ্য দেৱেন দত্ত দেৱৰ মৃত্যুৰ খবৰ পায় অতিকে মৰ্মাহত। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ।
যুৱ নাট্যকাৰ, গীতিকাৰ ৰাজদ্বীপেও প্ৰয়াত দেৱেন দত্তৰ মৃত্যুক অক অপূৰণীয় ক্ষতি আখ্যা দি শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, অসম আৰু অসমীয়াৰ এক সবল কণ্ঠ দেৱেন দত্ত ছাৰৰ মৃত্যু এক অপূৰণীয় ক্ষতি। ছাৰৰ বিদেহী আত্মাই স্বৰ্গত স্থান পাওক
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শোক প্ৰকাশ কৰিছে লিখিছে- অসমীয়া জাতি আৰু ভাষাটোক মনে-প্ৰাণে ভালপোৱা এগৰাকী অসমীয়া অধ্যাপক দেৱেন দত্ত ডাঙৰীয়াৰ বিয়োগৰ খবৰে অত্যন্ত মৰ্মাহত কৰিছে৷ অসমীয়া ভাষাটোক সমৃদ্ধ কৰিবলৈ আপোচবিহীনভাৱে যুঁজি থকা এগৰাকী যোদ্ধা আছিল দত্ত ডাঙৰীয়া৷
জাতীয় জীৱনৰে জড়িত প্ৰশ্নসমূহতো সক্ৰিয়ভাৱে সৰব আছিল তেখেত৷ তেখেতৰ বিয়োগে কাহানিও পূৰাব নোৱৰা এক শূন্যতাৰ সৃষ্টি কৰিলে৷ এই ক্ষতি অপূৰণীয়৷ প্ৰয়াত দেৱেন দত্ত ডাঙৰীয়ালৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ লগতে, শোক-সন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷
আম আদমি পাৰ্টীয়েও শোক প্ৰকাশ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আপ, অসমে উল্লেখ কৰিছে যে, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেবেন দত্ত ডাঙৰীয়াৰ বিয়োগত আম আদমী পাৰ্টী অসম ৰাজ্যিক সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে। এক শোকবাৰ্তাযোগে ভৱেন চৌধুৰীয়ে তেখেতৰ বিয়োগ অসমৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয়া ক্ষতি বুলি উল্লেখ কৰে। দলটোৱে শ্ৰদ্ধাৰ দেবন দত্ত ডাঙৰীয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তুপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Also Read: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ