ৰক্ষা পৰিল দীঘলীপুখুৰী পাৰৰ গছসমূহঃ মুখ্য সচিবৰ নেতৃত্ব বৈঠকত বিকল্পৰ সন্ধান

ৰক্ষা পৰিল দীঘলীপুখুৰী পাৰৰ গছসমূহঃ মুখ্য সচিবৰ নেতৃত্ব বৈঠকত বিকল্পৰ সন্ধান

author-image
Asomiya Pratidin
New Update
ৰক্ষা পৰিল দীঘলীপুখুৰী পাৰৰ গছসমূহঃ মুখ্য সচিবৰ নেতৃত্ব বৈঠকত বিকল্পৰ সন্ধান

ৰক্ষা পৰিল দীঘলীপুখুৰী পাৰৰ গছসমূহঃ মুখ্য সচিবৰ নেতৃত্ব বৈঠকত বিকল্পৰ সন্ধান

ডিজিটেল ডেস্কঃ দীঘলীপুখুৰী পাৰৰ গছসমূহ ৰক্ষাৰ বাবে হোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উন্নয়ৰ সমান্তৰালকৈ এই ঐতিহ্যবাহী গছসমূহ ৰক্ষাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়া পাছত অসম চৰকাৰে পূৰ্বৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই বুধবাৰে লোক নিৰ্মাণ বিভাগ (পথ) ৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত নিৰ্মীয়মাণ গোপীনাথ বৰদলৈ উৰণ সেতুৰ পশ্চিম আৰু পূব দীঘলীপুখুৰী পথ পৰিহাৰ কৰাৰ বাবে সাম্ভাব্য বিকল্পৰ বিষয়ে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়।

দীঘলীপুখুৰী পাৰৰ শতায়ুগৰকা গছসমূহ ৰক্ষাৰ স্বাৰ্থত হোৱা প্ৰতিবাদ, প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিততে এই আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ অন্তত দীঘলীপুখুৰী অঞ্চলৰ ঐতিহ্যবাহী গছ কটা পৰিহাৰ কৰিবলৈ আৰু জি এন বি পথ অথবা অন্য বিকল্প পথত উৰণ সেতুৰ শেষাংশ হোৱাটো নিশ্চিত কৰিবলৈ বাহন অহা-যোৱাৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লোক নিৰ্মাণ বিভাগে অহা এসপ্তাহৰ ভিতৰত নতুনকৈ প্ৰস্তাৱিত পদ্ধতিৰ সৈতে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব।

Also Read: অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা অধিৱেশনৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা

হিমন্ত বিশ্ব শৰ্মা দীঘলীপুখুৰী মুখ্য সচিব