আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট : বশিষ্টৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট : বশিষ্টৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ
Published on
Updated on
  • বশিষ্টৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ।

  • উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটীত মানসিক বিকাৰগ্ৰস্থ এজন লোকক প্ৰহাৰ কৰিছিল আৰক্ষীৰ এটা দলে।

  • নিজৰ এক্স হেণ্ডলৰ দ্বাৰা নিলম্বনৰ কথা ৰাজহুৱা কৰিছে জি পি সিঙে।

  • সাধাৰণ লোকৰ ওপৰত চলা নিৰ্যাতন সন্দৰ্ভত টুইট কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

  • গুৱাহাটী আৰু তিনিচুকীয়াত সংঘটিত ঘটনাক লৈ টুইট কৰে তেঁও।

  • নিলম্বন কৰা হ’ব উক্ত ঘটনাৰে জড়িত আৰক্ষী কৰ্মীক।

  • ঘটনাৰে জড়িত আৰক্ষীৰ ওপৰত লোৱা হ’ব আইনী আৰু বিভাগীয় ব্যৱস্থা।

  • অসামৰিক লোকৰ ওপৰত চলা নিৰ্যাতন কেতিয়াও ক্ষমা কৰা নহ’ব বুলিও উল্লেখ কৰে।

  • এই ক্ষেত্রত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা লোৱা হ’ব ব্যৱস্থা।

  • এক্স হেণ্ডলযোগে জি পি সিঙে লগতে কয়- আৰক্ষী হিচাপে আমি সকলো পৰিস্থিতিতে ধৰ্য-সংযম অটুট ৰাখিব লাগিব।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট : বশিষ্টৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ
ইটাখোলাত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in