অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক বিদ্যুৎ কলিতালৈ সাংবাদিক বঁটা...

প্ৰস্ততি পৰাশৰ জীৱন জোৰা সাধন বঁটা
অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক বিদ্যুৎ কলিতালৈ সাংবাদিক বঁটা...
অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক বিদ্যুৎ কলিতালৈ সাংবাদিক বঁটা...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ দিছপুৰ প্ৰেছ ক্লাবৰ-২০২৪ বৰ্ষৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলৰ মাজৰ পৰা একাংশক নিৰ্বাচিত কৰি প্ৰতি বছৰে দিছপুৰ প্ৰেছ ক্লাবে এই বাৰ্ষিক বঁটা প্ৰদান কৰি আহিছে।

এই বঁটা প্ৰদানৰ জৰিয়তে সমাজৰ বাবে ভাল কাম কৰি অহা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক তেওঁলোকৰ নিজৰ কৰ্ম ক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাই আহিছে। উল্লেখ্য যে, এন কে ইনফ্ৰাকে ধৰি কেবাটাও প্ৰতিষ্ঠানৰ সহযোগিতাত অহা ২৯ ছেপ্টেম্বৰত দিছপুৰ লাষ্ট গেটত থকা লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্ৰেছ ক্লাবৰ-২০২৪ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটা সমূহ প্ৰদান কৰা হ'ব।

প্ৰেছ ক্লাবৰ সভাপতি ড°নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুচেইন চহৰীয়া আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে ঘোষণা কৰা অনুসৰি জীৱনজোৰা সাধনা বঁটা ( সাংস্কৃতিক ক্ষেত্ৰ) লাভ কৰিছে প্ৰস্তুতি পৰাশৰে। দ্যা ছেণ্টিনেলৰ কাৰ্যবাহী সম্পাদক ৰামলাল সিনহাই লাভ কৰিছে সম্পাদক বঁটা।

অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক বিদ্যুৎ কলিতাই লাভ কৰিছে সাংবাদিক বঁটা। তাৰোপৰি এই বঁটা লাভ কৰিছে লক্ষ্যজিৎ গোহাঁই, পলাশ খাউণ্ড, কমল কৃষ্ণ ডেকা, সুৰজিৎ শইকীয়া, চহিৰ ভূঞা, অনুপম নাথে।

নিউজ এংকৰ বঁটা লাভ কৰিছে মযূৰী চৌধুৰীয়ে। ভিডিঅ' সাংবাদিকতা বঁটা লাভ কৰিছে এলবাৰ্ট বেণ্ডোয়ে। সাংবাদিক সংগঠক কল্যাণ বঁটা লাভ কৰিছে জাফাৰ চাম্প্ৰি বে'য়ে।

সাহসী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে শৃংখল চলিহা , বীৰ লাচিত সেনা। জীৱন সঞ্জীৱনী বঁটা লাভ কৰিছে ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱে। কণ্ঠ শিল্পী বঁটা (পুৰুষ) লাভ কৰিছে মণ্টুমণি শইকীয়াই আৰু মহিলা শাখাত লাভ ৰৰিছে প্ৰাৰ্থনা বৰঠাকুৰে।

সমাজ হিতৈষী বঁটা লাভ কৰিছে মিনতি বৰঠাকুৰে। চিত্ৰ শিল্পী বঁটা লাভ কৰিছে লিয়াকত আলিয়ে। সাহিত্য বঁটা লাভ কৰিছে মৌচুমী ঘোঁৰাচোৱাই। যুৱ বন্ধু বঁটা লাভ কৰিছে অৰবিন্দ দাসে।

মানৱ সেৱা বঁটা লাভ কৰিছে জনি টিমুঙে। অগ্ৰণী মহিলা বঁটা লাভ কৰিছেিং ৰিংকু মণি বৰুৱা শৰ্মাই। নীৰৱ সাধক বঁটা লাভ কৰিছে বদনছিং তিছ'ই। জন সেৱা বঁটা লাভ কৰিছে ড° ভাস্কৰ কুমাৰ কাকতিয়ে। যুৱ ৰাজনীতিক বঁটা লাভ কৰিছে ৰঞ্জীৱ শৰ্মাই।

উদ্যোগী বঁটা লাভ কৰিছে নিপুল কলিতাই, বিশেষ পেৰা মেডিকেল প্ৰশিক্ষণ সেৱা বঁটা লাভ কৰিছে Nepeds Group Of Institutionsয়ে। জনহিতৈষী আৰক্ষী বঁটা লাভ কৰিছে এছ টি এফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে। কৰ্মযোগী বঁটা লাভ কৰিছে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।

অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক বিদ্যুৎ কলিতালৈ সাংবাদিক বঁটা...
চিন্তাৰ কাৰণ নাই, সুস্থ অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in