ডিজিটেল সংবাদ, চামতা : বিগত বছৰসমূহৰ দৰে এইবছৰো লঘূ উদ্যোগ ভাৰতী, পূৰ্বোত্তৰৰ উদ্যোগত সমাগত দিপাৱলী উপলক্ষে সুলভ মূল্যত মাটিৰ চাকি বিক্ৰী তথা বিতৰণৰ এলানি কাৰ্যসূচীৰ বুধবাৰে শুভাৰম্ভ কৰা হয় ৷ গুৱাহাটীৰ কুমাৰপাৰাস্থিত আলোক ভৱনত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে বিতৰণ অভিযানৰ আনুষ্ঠানিক শুভ আৰম্ভণি কৰা হয়।
মাটিৰ চকি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধীয়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ ৷ এই অনুষ্ঠানত লঘু উদ্যোগ ভাৰতী, পূৰ্বোত্তোৰৰ সভাপতি ৰবি চুৰেকা, সম্পাদক বিবেক আগৰৱালা, যুটীয়া সম্পাদক তথা গ্ৰাম শিল্প প্ৰকোষ্ঠ পূৰ্বোত্তৰ সভাপতি অৰূপ বৰপুজাৰী আৰু লঘু উদযোগ ভাৰতী, পূৰ্বোত্তোৰৰ আন বহুতো বিষয়ববীয়া উপস্থিত থাকে ৷
উল্লেখ্য যে যোৱা ৪ বছৰ ধৰি লঘূ উদ্যোগ ভাৰতীয়ে দীপাৱালীৰ সময়ত এই গ্ৰামশিল্পীসকলক বজাৰমুখি কৰাৰ বাবে সহায় কৰি আহিছে। ইয়াৰ আৰম্ভণি হৈছিল প্ৰথম বছৰ এক লাখ চাকি বিক্ৰীৰ জৰিয়তে , যিটো পিছৰ বছৰবোৰত কেইবালাখৰ ওপৰলৈ গৈ এই গাঁৱবাসীসকলক স্বাৱলম্বী কৰি তুলিছে।
এতিয়া কুলবিল হীৰাপাৰা, চাপৰ, ধুবুৰী আদি হৈ উঠিছে মৃৎশিল্পৰ পূৰ্ণাংগ উদ্যোগ। এনে প্ৰেক্ষাপটত এইবছৰো লঘূ উদ্যোগ ভাৰতীৰ প্ৰয়াসৰ প্ৰতি সঁহাৰি দি অসমৰ মৃৎশিল্পক পুনৰুজ্জীৱিত কৰাৰ লগতে এক প্ৰদূষণ মুক্ত দীপাৱলী উদযাপন কৰিবলৈ লঘূ উদ্যোগ ভাৰতীৰ ফালৰ পৰা ৰাইজলৈ আহ্বান জনাইছে ৷
Also Read: ধেমাজি হাতীপৰাত ভয়ংকৰ অগ্নিকাণ্ড : এখন, এখনকৈ নখন দোকানত লাগিল জুই